8 June 2025
TV9 ASSAM
Photos Credit: Getty Images
সকলোৰে জীৱনত এটা ভাল পোৱা ৰং থাকে । সকলোৱে বেলেগ বেলেগ ৰং ভাল পায় । কিন্তু এই ভালপোৱা ৰংটোৱে আপোনাৰ জীৱনত কি প্ৰভাৱ পেলায় ?
জ্যোতিষ শাস্ত্ৰৰ মতে, আপুনি ভাল পোৱা ৰংটোৱে আপোনাৰ স্বভাৱক প্ৰতিফলিত কৰে । যাৰ জৰিয়তে আনে আপোনাক বিচাৰ কৰিব পাৰে ।
গোলাপী ৰংটো বহু লোকৰে প্ৰিয় । সাধাৰণতে গোলাপী ৰং ভাল পোৱা ব্যক্তিসকলৰ স্বভাৱ কেনেকুৱা হয় জানোঁ আহক ।
গোলাপী ৰং ভাল পোৱা লোকসকল সদায় ইতিবাচক আৰু সুখী । তেওঁলোকে দুখৰ মাজতো সুখ বিচাৰি পায় ।
একেদৰে এই লোকসকল যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু থাকে । তেওঁলোকে আশা আৰু সাহস লগত ৰাখে ।
তেওঁলোকে সদায় আনক সহায় কৰি সুখ অনুভৱ কৰে । বিপদৰ সময়ত সদায় লগত থাকে ।
গোলাপী ৰং ভালপোৱা লোকসকলে সদায় শান্ত পৰিৱেশত থাকি ভাল পায় । ঋণাত্মক বিষয়ৰ পৰা সদায় আঁতৰি থাকে ।
পঢ়িবলৈ ক্লিক কৰক