TV9 ASSAM
বৰ্ধিত ওজন তথা মেদবহুলতা নিয়ন্ত্ৰণ কৰিবলৈ নিশাৰ খাদ্যাভ্যাস সলনি কৰাটো জৰুৰী। ওজন হ্ৰাসৰ চেষ্টাত কিছুমান খাদ্য নিশা খোৱা উচিত নহয়।
ৰেড মিটত অধিক চৰ্বি আৰু কেলৰি থাকে। ই হজম হ’বলৈ সময় লয় আৰু টোপনিত ব্যাঘাত জন্মাই ওজন বৃদ্ধি কৰে।
নিশা অধিক তেলত ভজা বা তেলীয়া খাদ্য খালে কেলৰি বাৰ্ণ নহয়। এই চৰ্বি শৰীৰত জমা হৈ মেদবহুলতা দ্ৰুতগতিত বৃদ্ধি কৰে।
নিশা আহাৰৰ পিছত মিঠাই, আইচক্ৰীম বা শীতল পানীয় খাব নালাগে। ইয়াত থকা চেনিৰ বাবে ওজন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।
ওজন কমাব বিচাৰিলে নিশা চৰ্বিযুক্ত (Full Fat) গাখীৰ নোখোৱাই ভাল। ইয়াৰ পৰিৱৰ্তে সদায় স্কিমড মিল্ক বা লঘু গাখীৰ বাছনি কৰক।
সুস্থ শৰীৰৰ বাবে নিশা সদায় লঘু আৰু সহজতে হজম হোৱা আহাৰ গ্ৰহণ কৰক। তেতিয়াহে আপোনাৰ ওজন কমোৱাৰ লক্ষ্য সফল হ’ব।
পঢ়িবলৈ ক্লিক কৰক
অধিক সময় বহি থাকিলে হ'ব পাৰে এনে সমস্যা!