TV9 ASSAM
স্বাস্থ্যই পৰম ধন। সেয়ে এক স্বাচ্ছন্দ্যময় জীৱনৰ বাবে প্ৰতিনিয়ত স্বাস্থ্যৰ যত্ন লোৱা উচিত। স্বাস্থ্যৰ যত্ন আওকাণ কৰিলে হ’ব পাৰে বহু সমস্যা।
বৰ্তমান সময়ত হৃদৰোগৰ সমস্যা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। বয়োজ্যেষ্ঠ লোকৰ লগতে যুৱপ্ৰজন্মৰ বহুলোকো বৰ্তমান হৃদৰোগৰ চিকাৰ হৈছে।
দেহত দেখা দিয়া কিছুমান লক্ষণে হৃদৰোগৰ আগজাননী দিয়ে। এই লক্ষণসমূহ চিনাক্ত কৰিব পাৰিলে অৱশ্যে আগতীয়াকৈ সাৱধান হ’ব পাৰি।
হৃদযন্ত্ৰই ভালদৰে ৰক্ত সঞ্চালন কৰিব নোৱাৰিলে উশাহ লোৱাত কষ্ট পাব পাৰে। বিশেষকৈ কোনো কাম কৰাৰ সময়ত বা শুই-বহি থকাৰ সময়তো এনে হ’ব পাৰে।
হৃদস্পন্দন এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু দ্ৰুতগতিত হোৱা হৃদস্পন্দন হৃদৰোগৰ পূৰ্ব লক্ষণ হ’ব পাৰে। গতিকে অস্বাভাৱিকতা দেখা পালে সাৱধান হওক।
বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বাবে মূৰ ঘূৰাব পাৰে। কিন্তু বহু সময়ত এয়া হৃদযন্ত্ৰৰ সমস্যাৰ আগজাননী হ’ব পাৰে। সেয়ে চিকিৎসকৰ পৰামৰ্শ লওক।
হৃদৰোগৰ এক অতি সহজ লক্ষণ বুকুৰ বিষ। হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণে তেজ বা অক্সিজেন নাপালে এনে সমস্যা হয়। অৱশ্যে আন বহু সমস্যাৰ বাবেও বুকুৰ বিষ হয়।
পুষ্টিৰ অভাৱ, কামৰ হেঁচা, টোপনি বা জিৰণিৰ অভাৱৰ বাবে ভাগৰুৱা অনুভৱ হ’ব পাৰে। পিছে কেতিয়াবা কেতিয়াবা এয়া হৃদযন্ত্ৰৰ সমস্যাৰো আগজাননী হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
খালী ভৰিৰে খোজ কাঢ়িলে পাব এনে উপকাৰিতা