26 Nov 2025
TV9 ASSAM
গৰম পানীৰ বহু উপকাৰী গুণ আছে। বিশেষকৈ ঠাণ্ডাৰ দিনত সামান্য গৰম পানী খোৱা ভাল। ইয়োৰপৰি চৰ্দি, জ্বৰ, কাহ আদি হৈ থাকিলে গৰম পানীয়ে যথেষ্ঠ সকাহ দিয়ে।
গৰম পানীত যদি আপুনি মৌ মিহলাই খাই তেন্তে বহু সমস্যাৰ পৰা সমাধান পাব। মৌৰ বহু ঔষধি গুণ থাকে, যি স্বাস্থ্যৰ বাবে ভাল।
গৰম পানীত মৌ মিহলাই খালে ডিঙিৰ আৰাম পোৱা যায়। যদি শীতকালত আপোনাৰ ডিঙিত বাৰে বাৰে সমস্যা হৈ থাকে তেন্তে এয়া খাব পাৰে। ই সহায়ক হ'ব।
ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো ই ফলপ্ৰসূ। গতিকে আপুনি ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰিলে পুৱা খালী পেটত গৰম পানীৰ সৈতে মৌ খাব পাৰে।
পাচনতন্ত্ৰৰ সমস্যা থকাসকলে এয়া খাব পাৰে। গৰম পানী আৰু মৌ খালে পাচনতন্ত্ৰ মজবুত হোৱাত সহায় কৰে। গেছ, এচিডিটি আদি কম কৰে।
ইয়াৰোপৰি গৰম পানীৰ সৈতে মৌ মিহলাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ই শৰীৰৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে।
ইয়াৰোপৰি মৌ আৰু গৰম পানীয়ে মুখ ধুনীয়া কৰাত সহায় কৰে। এয়া খালে ছাল উজ্বল আৰু কোমল হৈ পৰে।
পঢ়িবলৈ ক্লিক কৰক