TV9 ASSAM
অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিণতিত ওজন বৃদ্ধি আজিৰ সময়ত সাধাৰণ হৈ পৰিছে। কিন্তু স্বাস্থ্যৰ বাবে ই এক চিন্তনীয় সমস্যাও হৈ পৰে।
এই সমস্যা ক্ৰমাৎ অধিক হৈ মেদবহুলতাৰ ৰূপ ল’লে ভিন্ন ৰোগে দেহত থিতাপি ল’ব পাৰে। সেয়ে সময়মতে এইক্ষেত্ৰত যত্ন লোৱা উচিত।
ওজন নিয়ন্ত্ৰণৰ বাবে শাৰীৰিক কাৰ্যৰ লগতে খাদ্যাভ্যাসৰ যত্ন অতি প্ৰয়োজনীয়। বিশেষকৈ নিশা কিছুমান খাদ্য খোৱাৰ পৰা সদায় বিৰত থাকিব লাগে।
নিশা অধিক তেলত ৰন্ধা খাদ্য খোৱাৰ পৰা বিৰত থাকক। নিশা খাদ্য খোৱাৰ পিছত শুই থকা হয়। কোনো শাৰীৰিক কাৰ্য কৰা নহয় বাবে অতিৰিক্ত তেল চৰ্বি ৰূপত জমা হয়।
ৰেড মিটত চৰ্বি, প্ৰটিন আৰু কেলৰিৰ যথেষ্ট পৰিমাণে থাকে। ৰেড মিট হজম হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হয়। সেয়ে নিশা কেতিয়াও ৰেড মিট খাব নালাগে।
নিশা মিঠাই খোৱাৰ অভ্যাস বহু লোকৰ ক্ষেত্ৰত দেখা যায়। কিন্তু অধিক পৰিমাণৰ চেনি থকা খাদ্যই দেহত চৰ্বি বৃদ্ধি কৰিব পাৰে বাবে নিশা কেতিয়াও মিঠাই খাব নালাগে।
পঢ়িবলৈ ক্লিক কৰক
এনে খাদ্যবস্তুৰ সৈতে দৈ খোৱাৰ ভুল নকৰিব