TV9 ASSAM
প্ৰটিন, কেলচিয়াম, ভিটামিন এ, বি ৬, বি১২, লেক্টিক এচিড, ফছফৰাছ, জিংক আদি পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ দৈ দেহৰ বাবে অতি উপকাৰী।
দৈয়ে আন্ত্ৰিক স্বাস্থ্য অটুট ৰাখি পাচনত সহায় কৰে। লগতে চুলি আৰু ছালৰ ক্ষেত্ৰতো দৈৰ আছে উপকাৰী গুণ। কিন্তু কিছুমান বস্তুৰ সৈতে দৈ খাব নালাগে।
দৈত থকাৰ দৰেই পুষ্টিকৰ উপাদানেৰে ভৰপূৰ ফল-মূল। কিন্তু দুয়োবিধ একেলগে খালে পেটৰ নানা সমস্যা হ’ব পাৰে।
নন-ভেজৰ সৈতে পৰাপক্ষত দৈ খোৱা উচিত নহয়। বিশেষকৈ মাছৰ সৈতে বা মাছ খোৱাৰ পিছত লগে লগে দৈ কেতিয়াও নাখাব। অন্যথা পেটৰ সমস্যাৰ লগতে এলাৰ্জী হ’ব পাৰে।
অধিক তেলত ভজা খাদ্যৰ সৈতে কেতিয়াও দৈ নাখাব। অন্যথা হজম শক্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু গেছ, বদহজম আদি পেটৰ সমস্যা হ’ব পাৰে।
পৰাপক্ষত নিশা দৈ খাব নালাগে। অন্যথা কফৰ সমস্যা হ’ব পাৰে। হজম শক্তি দুৰ্বল হ’লেও নিশা দৈ খাব নালাগে। পুৱা ব্ৰেকফাষ্টত বা দুপৰীয়া দৈ খোৱাৰ উত্তম সময়।
পঢ়িবলৈ ক্লিক কৰক
কাহৰ সমস্যাত পাণ-মৌৰ মহৌষধি