30 0CT 2025
TV9 ASSAM
Image- Pinterest, Canva, Getty
শৈশৱৰ সময়ত শৰীৰ আৰু মগজুৰ বিকাশ দ্ৰুতগতিত হয়। শিশুৰ বৃদ্ধি, হাড়ৰ শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ভিটামিন অতি গুৰুত্বপূৰ্ণ। কোনবোৰ ভিটামিনৰ অভাৱত কোনবোৰ ৰোগ হ’ব পাৰে, জানো আহক।
মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰৰ মতে, ভিটামিন এৰ অভাৱত শিশুৰ চকুৰ দৃষ্টিশক্তি প্ৰভাৱিত হয়, যাৰ ফলত নিশা নেদেখা আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।
ভিটামিন বি-কম্প্লেক্সৰ অভাৱত ভাগৰুৱা, ভোক কমি যোৱা, ছালৰ সমস্যা, আৰু বৃদ্ধি স্তব্ধ হৈ পৰে।
ভিটামিন চিৰ অভাৱত স্কাৰ্ভিৰ দৰে ৰোগ হ’ব পাৰে। তেনে ক্ষেত্ৰত দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আৰু দুৰ্বলতা অনুভৱ কৰাটো সাধাৰণ কথা।
ভিটামিন ডিৰ অভাৱত হাড় দুৰ্বল হৈ পৰে আৰু শিশুৰ ক্ষেত্ৰত হোৱা ৰিকেটছ ৰিকেট বা হাড়ৰ বক্ৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
ভিটামিন ইয়ে শৰীৰৰ কোষক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ অভাৱত পেশী দুৰ্বল হৈ পৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে।
ভিটামিন কেৰ অভাৱত তেজ গোট মৰাত প্ৰভাৱ পৰে, যাৰ ফলত সৰু ঘাঁৰ পৰাও অত্যধিক ৰক্তক্ষৰণ হয়।
চাবলৈ ক্লিক কৰক