প্ৰতিদিনে এটা লং খালে কি হয় জানেনে?

2 Nov 2025

TV9 ASSAM

প্ৰায় প্ৰতিগৰাকী ভাৰতীৰ পাকঘৰত লং থাকে। ধৰ্মীয় কামৰ পৰা আৰম্ভ কৰি পাকঘৰলৈ বিভিন্ন ক্ষেত্ৰত লং ব্যৱহাৰ কৰা হয়। এই লঙত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে।

লং

লঙত ভিটামিন কে, ফাইবাৰ, মিনাৰেলছ আদি থাকে। গতিকে প্ৰতিদিনে মাত্ৰ এটা লং খালে বিভিন্ন উপকাৰ হোৱা যায়। ই শৰীৰ ভালে ৰখাত সহায় কৰে।

লং খোৱা

মুখৰ গোন্ধ দূৰ কৰাত লং ফলপ্ৰসূ। লঙে মুখত থকা বেয়া বেক্টেৰিয়া নষ্ট কৰে। যাৰ ফলত মখুখন সতেজ হৈ পৰে আৰু দুৰ্গন্ধ আঁতৰ হয়।

মুখৰ গোন্ধ

লং চোবাই খালে মুখৰ বীজানু নষ্ট হোৱাত সহায়ক হয়। এনে ক্ষেত্ৰত ই দাঁতৰ বাবেও উপকাৰী। ইয়াৰোপৰি ই দাঁতৰ গুড়িৰ লগত জড়িত সমস্যা দূৰ কৰাত সহায় কৰে।

দাঁত

চৰ্দি-কাহৰ পৰা উপশম দিয়ে লঙে। ই কফ চাফা কৰে। ইয়াৰোপৰি প্ৰতিদিনে এটা লং চোবাই খালে ই ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে। এনে ক্ষেত্ৰত চৰ্দি-কাহৰ সমস্যা হ্ৰাস পায়।

ইমিউনিটি

নেশ্য়নেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে, লঙত থকা উপাদানে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে এনে সমস্যা থাকিলে এটা লং খাব পাৰে।

ব্লাড চুগাৰ

প্ৰতিদিনে এটা লং খালে পাচনতন্ত্ৰ ভাল হয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে, লঙত থকা ইউজানেলে হেপাটোটিক্সিচিটি প্ৰতিৰোধ কৰাত সহায় কৰে। যি যকৃতৰ বাবে উপকাৰী।

যকৃত

পঢ়িবলৈ ক্লিক কৰক 

ফেটি লিভাৰৰ কাৰণ