শৰীৰত ভিটামিন C ৰ অভাৱৰ ফলত দেখা দিয়া লক্ষণ...

12 June 2025

TV9 ASSAM

ভিটামিন C  এন্টিঅক্সিডেন্টৰ দৰে কাম কৰে। ইয়াৰ ফলত শৰীৰৰ কোষবোৰ ৰিপেয়াৰ হয়। ই মানুহৰ ইমিউন চিষ্টেমক শক্তিশালী কৰে। লগতে আইৰনৰ এবচাৰ্শ্যন আৰু কোলেজন বনোৱাত সহায় কৰে।

ভিটামিন C

শৰীৰত দীৰ্ঘদিন ধৰি ভিটামিন C ৰ অভাৱ হৈ থকাৰ ফলত ৰোগ হ'ব পাৰে। এই ৰোগক স্কাৰ্ভি বুলি কোৱা হয়ষ ইয়াৰ ফলত শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে।

পানীভিটামিন C অভাৱ

শৰীৰত ভিটামিন C ৰ অভাৱৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব পাৰে। লগে পেশী, হাড় আদি দুৰ্বল হৈ পৰে। ভিটামিন C ৰ অভাৱৰ লক্ষণ শৰীৰত দেখা দিয়ে।

লক্ষণ

ডাঃ সুভাষ গিৰীয়ে কয় যে, ভিটামিন C ৰ অভাৱৰ ফলত শৰীৰত কোলেজন গঠন হয়। ইয়াৰ ফলত ছাল দুৰ্বল হৈ পৰে আৰু সামান্য আঘাত পালেই নীলা ৰঙৰ দাগ পৰে।

ছাল নীলা

ভিটামিন C ৰ অভাৱ হোৱাৰ ফলত শৰীৰ ভাগৰুৱা আৰু দুৰ্বল হৈ পৰে। ইয়াৰ বাবো কোনো কাম কৰিবলৈ মন নাযায়। কিয়নো ভিটামিন C য়ে শৰীৰক শক্তিৰ স্তৰক প্ৰভাৱিত কৰে।

দুৰ্বল

ভিটামিন C ৰ অভাৱ হোৱাৰ ফলত দাঁতৰ আলু দুৰ্বল হৈ পৰে। যাৰ ফলত দাঁতৰ আলু ফুলা বা তেজ ওলোৱাৰ সমস্যা হ'ব পাৰে। যদি দীৰ্ঘদিন ধৰি এই সমস্যা হয় তেন্তে দাঁত সৰিব পাৰে।

তেজ

ভিটামিন C ৰ অভাৱৰ ফলত শৰীৰত কোলেজনৰ মাত্ৰা কমি যায়। যাৰ ফলত আঁঠু, গোৰোহা, কঁকালৰ গাঁঠি আদি বিষ হোৱাৰ লগতে ফুলিব পাৰে।

গাঁঠি

পঢ়িবলৈ ক্লিক কৰক

পানীৰ অভাৱৰ লক্ষণ