3 Nov 2025
TV9 ASSAM
শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদানৰ ভিতৰত ভিটামিন C অন্যতম। যেতিয়া এই ভিটামিনৰ অভাৱ হয় তেতিয়া শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।
ভিটামিন C ৰ অভাৱৰ ফলত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ হ'ব পাৰে। ইয়াৰ ফলত মাংসপেশীৰ বিষ হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে সাধাৰণতে এনে হয়।
ভিটামিন চিয়ে দাঁত, দাঁতৰ গুড়ি আদি সুস্থ ৰাখে। ইয়াৰ অভাৱৰ ফলত দাঁতৰ গুড়িৰ পৰা তেজ ওলাব পাৰে। কেতিয়াবা ফুলি যোৱা দেখা যায়। দীৰ্ঘদিন এনে হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।
কেতিয়াবা হঠাতে আঘাত লাগিব পাৰে বা আঘাতৰ দাগ থাকিব পাৰে। ইয়াৰোপৰি ভিটামিন চিৰ অভাৱৰ ফলত কৰবাত আঘাত পালে সেই ঘাঁ ঠিক হোৱাত সময় লাগে।
ছালৰ স্বাস্থ্যৰ বাবে ভিটামিন চি প্ৰয়োজনীয়। ইয়াৰ অভাৱৰ ফলত ছাল শুকাই যাব পাৰে। লগে লগে ৰঙা ৰঙা গুটি ওলাব পাৰে। চুলিৰ কাষৰ ঠাইখিনিত বেছিকৈ এয়া হয়।
ইয়াৰোপৰি ভিটামিন চিৰ অভাৱৰ চুলি সৰা, চুলি দুৰ্বল, গাঁঠিৰ বিষ, এনিমিয়া, মুডৰ পৰিৱৰ্তন আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা আৱশ্যক।
ভিটামিন চিৰ অভাৱ পূৰণ কৰিবলৈ সেউজীয়া শাক-পাচলি, ব্ৰকলি, চিমলা মিৰ্চ,নেমু, কমলা, আঙুৰ, আমলখি আদি খাব পাৰে। ইয়াৰোপৰি বিভিন্ন খাদ্যত ভিটামিন চি পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক