TV9 ASSAM
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচত দেওবাৰে বিৰাট কোহলীয়ে নিজ এদিনীয়া কেৰিয়াৰত ৫২ সংখ্যক শতক অৰ্জন কৰে। মাত্ৰ ১২০টা বলত তেওঁ সংগ্ৰহ কৰে ১৩৫ ৰান।
এই শতকেৰে কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰমি যিকোনো ফৰ্মেটত সৰ্বাধিক শতকৰ অভিলেখ ভংগ কৰাৰ লগতে আন এক দিশত স্পৰ্শ কৰে।
কোহলীয়ে যিকোনো এটা বেটিং পজিচনত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জনৰ ক্ষেত্ৰত শচীনক স্পৰ্শ কৰিছে। এতিয়া এই অভিলেখ নিজৰ নামলৈ অনাৰ দিশে কোহলী।
এদিনীয়াত তৃতীয় স্থানত বেটিং কৰি ৪৫ শতক অৰ্জন কৰিছে কোহলীয়ে। আনহাতে শচীনে এদিনীয়াত অপেনাৰ হিচাপে খেলি ৪৫টা শতক অৰ্জন কৰিছিল।
এতিয়া আৰু মাত্ৰ এটা শতক অৰ্জন কৰিলেই কোহলিয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰিব। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চলিত শৃংখলাতে তেওঁ এই কৃতিত্ব লাভ কৰিব পাৰে।
শচীন তেণ্ডুলকাৰে টেষ্টত ৪ নম্বৰত বেটিং কৰি ৪৪টা শতক অৰ্জন কৰিছিল। এয়া টেষ্টত যিকোনো এটা বেটিং পজিচনত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ অভিলেখ।
পঢ়িবলৈ ক্লিক কৰক
শীতকালত এইদৰে যত্ন লওক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ