TV9 ASSAM
আমাৰ সমাজত ভিন্ন বিষয়ত নানা ধাৰণা তথা লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। যঁজা কলক কেন্দ্ৰ কৰিও এনে কিছুমান কথা মুখে মুখে শুনা যায়।
যঁজা কল খোৱাটো অশুভ বুলি বহু লোকে বিশ্বাস কৰে। বিশেষকৈ কিছুমান মহিলাৰ বাবে যঁজা কল খোৱাটো একেবাৰেই ভাল নহয় বুলি বহু লোকে কয়।
কোৱা হয় যে যঁজা কল খোৱা মহিলাৰ যমজ সন্তান হয়। বহু সময়ত ঘৰৰ বয়োজ্যেষ্ঠসকলে গৰ্ভৱতী মহিলাক যঁজা কল খোৱাত নিষেধ কৰে।
অৱশ্যে এই ধাৰণাক এক অন্ধবিশ্বাস বুলিও বহু লোকে কয়। বিষয়টোৰ বিজ্ঞানসন্মত কোনো বাখ্যাও নাই। বিজ্ঞান মতে কল এবিধ পুষ্টিকৰ ফল। ইয়াত দেহৰ উপকাৰী বহু উপাদান থাকে।
তদুপৰি বহু ধৰ্মীয় অনুষ্ঠানতো সাধাৰণ তথা যঁমজ কল ব্যৱহাৰৰ পৰম্পৰা আছে। গতিকে ধৰ্মীয় দিশৰ পৰাও কলৰ অশুভ ফল সন্দৰ্ভত কোনো ব্যাখ্যা পোৱা নাযায়।
এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ ধৰ্মীয় বিশ্বাস আৰু বৈজ্ঞানিক তথ্যৰ ভিত্তিত উল্লেখ কৰা হৈছে। TV9 Assam- এ এই বিষয়ত কোনো নিজা মত প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
লঙৰ ব্যৱহাৰে দূৰ কৰিব বাধা, পাব সফলতা