5 OCT 2025
TV9 ASSAM
ঘৰৰ প্ৰতিটো অংশই গুৰুত্বপূৰ্ণ। সবাতোকৈ পবিত্ৰ বুলি গণ্য কৰা হয় পাকঘৰটোক। ইয়াত অন্নপূৰ্ণাই বাস কৰে। যি অন্ন আৰু সমৃদ্ধিৰ কাৰক। গতিকে পাকঘৰ সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে।
বাস্তু শাস্ত্ৰ মতে পাকঘৰত কিছুমান বস্তু ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত নকৰাত্মক শক্তি বৃদ্ধি পাব পাৰে। যাৰ ফলত মানুহৰ আৰ্থিক সমস্যা হ'ব পাৰে। গতিকে এই বস্তু পাকঘৰৰ পৰা আঁতৰাব লাগে।
মানুহে ঘৰত কেতিয়াও ভঙা বাচন-বৰ্তন ৰাখিব নালাগে। এইবোৰ ৰখা অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ধনৰ সমস্যা আহিব পাৰে। আপোনাৰ ভাগ্যক প্ৰভাৱিত কৰিব পাৰে।
পাকঘৰক মন্দিৰৰ দৰে পবিত্ৰ বুলি গণ্য কৰা হয়। গতিকে পাকঘৰত কেতিয়াও জোতা-চেণ্ডেল আদি ৰাখিব নালাগে। ইয়াৰ ফলত মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে। এনে ক্ষেত্ৰত পৰিয়াললৈ আৰ্থিক সংকট আহিব পাৰে।
পাকঘৰত কেতিয়াও লেতেৰা কাপোৰ ৰাখিব নালাগে। পাকঘৰত ব্যৱহাৰ কৰা কাপোৰবোৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে। লেতেৰা কাপোৰ ৰাখিলে মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে আৰু ধনৰ সমস্যা আহিব পাৰে।
পাকঘৰত কেতিয়াও বাহি খাদ্য ৰাখিব নালাগে। এইবোৰ খালে বিভিন্ন ৰোগ হ'ব পাৰে। ইয়াৰোপৰি ই ধৰ্মীয় দৃষ্টিকোণৰ পৰা অশুভ। ইয়াৰ ফলত ঘৰলৈ আৰ্থিক সমস্যা আহিব পাৰে।
পাকঘৰত কেতিয়াও পচি যোৱা শাক-পাচলি ৰাখিব নালাগে। পচি গ'লে সেইবোৰ পেলাই দিব লাগে। এনে বস্তু ৰাখিলে ঘৰলৈ নকৰাত্মক শক্তিৰ আগমন হয় যাৰ ফলত আৰ্থিক সমস্যা আহিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক