12 Sept 2025
TV9 ASSAM
হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ বিশেষ মহত্ব আছে। বাস্তু শাস্ত্ৰই ঘৰত বস্তু ৰখা স্থান, কি কৰিলে ভাল, কি বেয়া আদি সকলো দিশৰ বিষয়ে কয়।
বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কিছুমান গছ ৰুব নালাগে। ইয়াৰ ফলত ঘৰখনত দৰিদ্ৰতাৰ আগমন হয়। লগতে শান্তি নোহোৱা হয় বুলি কয়।
ঘৰৰ মুখ্য দুৱাৰত কেতিয়াও কাঁইটীয়া গছ ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত নকৰাত্মক শক্তিৰ সৃষ্টি হয়। ইয়াৰ ফলত পৰিয়ালত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। মানসিক অশান্তি হ'ব পাৰে।
বনছাই এবিধ জাপানী গছ। দেখাত সুন্দৰ হ'লেও ইয়াক ঘৰৰ মুখ্য দুৱাৰত ৰাখিব নালাগে। ইয়াৰ ফলত ধনৰ ক্ষেত্ৰত বাধা আহিব পাৰে। ইয়াৰ ফলত আৰ্থিক সমস্যা আৰু প্ৰগতিত বাধা আহিব পাৰে।
ঘৰৰ মুখ্য দুৱাৰৰ কাষত তেতিয়াও শুকাই যোৱা বা মৰি যোৱা গছ ৰাখিব নালাগে। ইয়াৰ ফলত নকৰাত্মক শক্তি আকৰ্ষিত হয়। ঘৰত অশান্তি আৰু কাজিয়াৰ সৃষ্টি হয়।
মুখ্য দুৱাৰত কেতিয়াও ডাঙৰ বা ঘন পাত থকা গছ ৰাখিব নালাগে। এই গছে ইতিবাচক শক্তি ঘৰলৈ অহাত বাধা প্ৰদান কৰে। লগতে ই ধনৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিব পাৰে।
আহত গছ ঘৰৰ মুখ্য দুৱাৰৰ আগত ৰুব নালাগে। ইয়াক অশুভ বুলি কোৱা হয়। লগতে ই উন্নতিত বাধা আৰু ইতিবাচক শক্তি ঘৰলৈ অহাত বাধা আৰোপ কৰে বুলি কয়।
পঢ়িবলৈ ক্লিক কৰক