12 Sept 2025
TV9 ASSAM
জ্যোতিষ শাস্ত্ৰ অনুসৰি, ১৫ ছেপ্টেম্বৰত ধন, ঐশ্বৰ্য, ভৌতিক সুখৰ কাৰক শুক্ৰই নিজৰ স্থান সলনি কৰিব। এই দিনটোত শুক্ৰই কৰ্কট ৰাশিৰ পৰা ওলাই সিংহ ৰাশিত প্ৰৱেশ কৰিব।
শুক্ৰই সূৰ্যৰ ৰাশি সিংহত প্ৰৱেশ কৰা অত্যন্ত শুভ বুলি ধৰা হৈছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি, ইয়াৰ ফলত ৩ ৰাশিৰ লোকৰ জীৱনত বহু ভাল প্ৰভাৱ পৰিব।
এই সময়চোৱাত এই ৩ ৰাশিৰ লোকৰ ধন, সম্পত্তি আদিৰ উন্নতি হ'ব। ইয়াৰোপৰি এই সময়চোৱাত এই ৰাশিৰ লোকে জীৱনত সফলতা লাভ কৰিব পাৰে।
এই ৰাশিৰ বাবে এই যোগ ভাল। ভাগ্যই লগ দিব। দাম্পত্য জীৱন শুভ হ'ব। শুভ খবৰ লাভ কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব। আৰ্থিক স্থিতি মজবুত হ'ব। চাকৰিত পদোন্নতি লাভ কৰিব। মান-সন্মান বৃদ্ধি পাব। ব্যৱসায়ত লাভ হ'ব।
এই পৰিবৰ্তন সিংহ ৰাশিৰ বাবে অত্যন্ত শুভ হ'ব। আয় বৃদ্ধিৰ সম্ভাৱনা আছে। কেৰিয়াৰ-ব্যৱসায়ত সফলতা লাভ কৰিব। সম্পৰ্ক ভাল হ'ব। আত্মবিশ্বাস বৃদ্ধি পাব। ধন লাভ হ'ব। আৰ্থিক উন্নতি হ'ব।
ভৌতিক সা-সুবিধা বৃদ্ধি পাব। পাবলগীয়া ধন ঘূৰাই পাব। জীৱনলৈ সুখ আহিব। হঠাতে ধন লাভ হ'ব। বিদেশ যাত্ৰাৰ সম্ভাৱনা। আয়ৰ নতুন বাট মুকলি হ'ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।
ওপৰোক্ত তথ্যখিনি ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।
পঢ়িবলৈ ক্লিক কৰক