9 Nov 2025
TV9 ASSAM
উপহাৰ কোনে ভাল নাপায়া! বিভিন্ন উৎসৱত বা বিশেষ কোনো আনন্দৰ অনুষ্ঠানত আপোনজনক উপহাৰ দিয়া হয়। উপহাৰ পৰম্পৰাৰ এক অংশ বুলিব পাৰি।
কিন্তু জ্যোতিষ আৰু বাস্তু শাস্ত্ৰ অনুসৰি কিছুমান বস্তু উপহাৰ দিব নালাগে। এয়া অশুভ। যদি কিছুমান বস্তু উপহাৰ দিয়া যায় তেন্তে জীৱনত আৰ্থিক সংকট আহে আৰু ভাগ্যই লগ এৰে।
বাস্তু শাস্ত্ৰ অনুসৰি উপহাৰত ভগৱানৰ মূৰ্তি বা শিৱলিংগ দিব নালাগে। কিয়নো মূৰ্তিটোৰ ভালদৰে যত্ন নললে যিয়ে উপহাৰ দিয়ে তাৰ ওপৰত দোষ লাগে বুলি কোৱা হয়।
কেতিয়াও মানি প্লান্ট উপহাৰ দিব নালাগে। মান্যতা অনুসৰি, মানি প্লান্ট দিয়াৰ অৰ্থ নিজৰ ভাগ্যৰ ভালখিনি আৰু উন্নতিখিনি প্ৰতীকীৰূপে আনক দিয়া। এনে কৰিলে ভাগ্যই লগ এৰে।
কেতিয়াও ঘড়ী উপহাৰ দিব নালাগে। যিয়ে ঘড়ী উপহাৰ দিয়ে, তাৰ অৰ্থ নিজৰ ভাল সময়খিনি ঘড়ীৰ জৰিয়তে আনলৈ দিয়া যায়। এনে ক্ষেত্ৰত ঘড়ী দিব নালাগে।
ছুৰী, কেচি, বেজী আদি কোনো লোকক উপহাৰ হিচাপে দিব নালাগে। এনে বস্তু আনক উপহাৰ দিলে সেই ব্যক্তিগৰাকীৰ সৈতে সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
কেতিয়াও কোনো ব্যক্তিক ক'লা ৰঙৰ বস্তু উপহাৰ দিব নালাগে। ক'লা ৰঙৰ কাপোৰ, জোতা আদি উপহাৰ দিয়া অশুভ। ই নকৰাত্মক শক্তিক আকৰ্ষিত কৰে বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক