26 May 2025
TV9 ASSAM
ঘৰখন সুখ আৰু শান্তি বজাই ৰাখিবলৈ বাস্তু শাস্ত্ৰ অতি গুৰুত্বপূৰ্ণ । বহুতে ইয়াক অনুসৰণ কৰি ঘৰৰ বিভিন্ন ঠাইত বিভিন্ন বস্তু ৰাখে ।
বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ চিৰিৰ তলৰ অংশটো অতি গুৰুত্বপূৰ্ণ । বহুতে এই অংশ বিভিন্ন বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰে ।
এই ঠাইত ঝাড়ু বা শোটা ৰাখিব নালাগে । আপুনি এই ঠাইত ঝাড়ু বা শোটা ৰাখে নেকি ?
বাস্তু শাস্ত্ৰৰ মতে, চিৰিৰ তলত বাড়ু ৰখাটো একেবাৰে শুভ নহয় । ই আপোনাৰ ঘৰখনৰ উন্নয়নত বাধা সৃষ্টি কৰিব পাৰে।
ঘৰৰ চিৰিৰ তলত ঋণাত্মক শক্তিয়ে ঠাই লয় । সেয়েহে এই ঠাইত কি সামগ্ৰী ৰাখিব আৰু কি সামগ্ৰী ৰাখিব নালাগে সেইলৈ সাৱধান হোৱাটো প্ৰয়োজন ।
ঝাড়ু চিৰিৰ তলত ৰাখিলে আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে । কিয়নো ঝাড়ু লক্ষ্মী দেৱীৰ এক ৰূপ হিচাপে ধৰা হয় ।
বিঃদ্ৰঃ এই প্ৰতিবেদন বাস্তু শাস্ত্ৰৰ তথ্য ভিত্তিত প্ৰস্তুত কৰা হৈছে । কোনো কাৰণে Tv9 অসমীয়া দায়ী নহয় ।
পঢ়িবলৈ ক্লিক কৰক