ইউৰিক এচিডৰ সমস্যা থকাসকলে কি কি খাদ্য নাখাব?

January 24, 2026

TV9 ASSAM

ইউৰিক এচিড হৈছে পিউৰিনৰ বিভাজনৰ ফলত আমাৰ শৰীৰত গঠিত এক ৰাসায়নিক পদাৰ্থ। এই এচিড তেজত দ্ৰৱীভূত হৈ বৃক্ক জৰিয়তে প্ৰস্ৰাৱত নিৰ্গত হয়।

ইউৰিক এচিড 

যেতিয়া কোনো ব্যক্তিয়ে পিউৰিন বেছি থকা খাদ্য খায় বা শৰীৰত অধিক পিউৰিন উৎপন্ন হয় তেতিয়া বৃক্কই সেইবোৰ সঠিকভাৱে আঁতৰাব নোৱাৰে আৰু তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায়।

পিউৰিন

ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ'লে বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ইউৰিক এচিড থকা ৰোগীয়ে কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰিব লাগে।

খাদ্য

বিশেষজ্ঞৰ মতে, গো-মাংস, ছাগলী মাংস, গাহৰিৰ মাংস আদি ৰঙা মাংসত পিউৰিন বেছি থাকে, যিবোৰ শৰীৰত ইউৰিক এচিডলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

ৰঙা মাংস

শীতল পানীয়,পেকেটত ভৰোৱা ৰস আৰু অধিক চেনি থকা খাদ্যত ফ্ৰুক্ট'জ থাকে,যাৰ ফলত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়।

শীতল পানীয়

বিয়েৰত পিউৰিন থাকে আৰু মদ্যপানে যকৃতত প্ৰভাৱ পেলায়। গতিকে ইয়াৰ ফলত ইউৰিক এচিড নিৰ্মূল কৰাৰ ক্ষমতা লেহেমীয়া হয়। ইউৰিক এচিড শৰীৰত জমা হ'ব পাৰে।

 মদ্যপান

ইউৰিক এচিডৰ সমস্যা থাকিলে বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি খাদ্যৰ তালিকা প্ৰস্তুত কৰক।

তালিকা প্ৰস্তুত

পঢ়িবলৈ ক্লিক কৰক

কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কি খাব, কি নাখাব ?