ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে কি কি খাব? 

22Jan 2026

TV9 ASSAM

যেতিয়া শৰীৰত ইউৰিক এচিড বৃদ্ধি পাই তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত বাতবিষ, গাঁঠিৰ বিষ, বৃক্কৰ সমস্যা আদি হ'ব পাৰে।

ইউৰিক এচিড

ইউৰিক এচিড নিয়ন্ত্ৰণত ৰখা দৰকাৰ। অন্যথা সমস্যা বাঢ়িব পাৰে। এই ক্ষেত্ৰত কিছুমান উপায়ে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰে। অধিক জানিবলৈ এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

নিয়ন্ত্ৰণ

ইউৰিক এচিড কম কৰিবলৈ কম পিউৰিন থকা খাদ্য খাব লাগে। ফল, সব্জী,লো ফেট মিল্ক আদি খাব লাগে। পানী খোৱা ভাল। ইয়াৰোপৰি ৰেড মীট, অৰ্গান মীট, শেলফিছ আজি খাব নালাগে।

লো পিউৰিন

ওজন বেছি হ'লে ইউৰিক এচিড বাঢ়িব পাৰে। গতিকে ওজন নিয়ন্ত্ৰণ কৰিব লাগে। প্ৰয়োজন হ'লে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

ওজন

ব্যায়াম শৰীৰৰ বাবে ভাল। ই তেজ চলাচল ভাল কৰে আৰু বৃক্কক ইউৰিক এচিড বাহিৰ কৰাত সহায় কৰে। গতিকে প্ৰতিদিনে ব্যায়াম বা শাৰীৰিক কাৰ্যকলাপ কৰা দৰকাৰ।

ব্যায়াম

পানী, হাৰ্বল টি আদি খাওক। ইয়াৰ বিপৰীতে সুৰা, মিঠা পানীয়, ফলৰ ৰস আদি কম খাওক। এনে কৰিলে কিডনীয়ে ভালদৰে বেয়া বস্তু বাহিৰ কৰিব পাৰিব।

পানী

মানসিক চাপ আৰু বেয়া টোপনিয়ে ইউৰিক এচিডত সমস্যা আনিব পাৰে। গতিকে মানসিক চাপ কম কৰা দৰকাৰ। ইয়াৰোপৰি প্ৰতিদিনে ৭-৮ ঘন্টা টোপনিৰ প্ৰয়োজন।

টোপনি

পঢ়িবলৈ ক্লিক কৰক 

ডায়েবেটিছ কেনেকৈ নিয়ন্ত্ৰণ কৰিব