20 Jan 2026
TV9 ASSAM
শীতকালত ডায়েবেটিছ ৰোগীৰ সমস্যা বৃদ্ধি হোৱা দেখা যায়। খাদ্যভাস, জীৱনশৈলী আদি বিভিন্ন কাৰণত ব্লাড চুগাৰ বৃদ্ধি হয়। গতিকে বিশেষ যত্নৰ প্ৰয়োজন।
শীতকালত ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান শাক-পাচলি খাব পাৰে। চিকিৎসকে দিয়া ঔষধৰ লগতে এই খাদ্যই চুগাৰ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।
ৰঙালাউত কাৰ্বোহাইড্ৰেট , ফাইবাৰ, জিংক, মেগনেছিয়াম আদি থাকে। যাৰ বাবে ই ডায়েবেটিছ ৰোগীৰ বাবে ভাল। ই চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।
বেঙেনাত এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে। যি ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ইয়াৰোপৰি ই ওজন হ্ৰাস কৰাতো সহায়ক হয়।
ডায়েবেটিছ ৰোগীৰ বাবে পানীলাউ ভাল। ইয়াত ফাইবাৰ আৰু পানী থাকে। এনে অৱস্থাত ই ডায়েবেটিছ ৰোগীৰ চুগাৰৰ মাত্ৰা কম কৰাত সহায় কৰে।
ডায়েবেটিছ ৰোগীৰ বাবে ব্ৰকলি ভাল। ইয়াত থকা ক্ৰোমিয়ামে ইনচুলিন বাহিৰ হোৱাত সহায় কৰে। ইয়াৰোপৰি ইয়াত ফাইবাৰ থাকে। গতিকে চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ ব্ৰকলি খাব পাৰে।
ডায়েবেটিছ ৰোগীয়ে ভেণ্ডী, কেৰেলা, পালেং শাক আদিও খাব পাৰে। কিন্তু চিকিৎসকে দিয়া ঔষধ খাই থাকিব লাগে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক