TV9 ASSAM
এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পিছত ২৯ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলাত নামিব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত হোৱা এনে তিনিজন খেলুৱৈ আছে, যিকেইজনে কেতিয়াও টি-২০ ক্ৰিকেটত ছয় কোবাব পৰা নাই।
কুলদীপ যাদৱে ভাৰতৰ হৈ এইপৰ্যন্ত ৪৭ খন টি-২০ মেচ খেলিছে, ৮ ইনিংছত ৪৭ ৰান সংগ্ৰহ কৰিছে যদিও এইপৰ্যন্ত তেওঁ এটাও ছয় কোবাবলৈ সক্ষম হোৱা নাই।
ভাৰতৰ হৈ এই পৰ্যন্ত ৭৫ খন টি-২০ মেচ খেলিছে যশপ্ৰীত বুমৰাহে। ইয়াৰে ৮খন মেচত তেওঁ বেটিং কৰাৰ সুযোগ পাইছে যদিও আজিলৈকে ছয় কোবাব পৰা নাই।
ভাৰতৰ হৈ এইপৰ্যন্ত ২৪ খন টি-২০ মেচ খেলা বৰুণ চক্ৰৱৰ্তীয়েৰ বেটৰ পৰাও অহা নাই ছয়। অৱশ্যে তেওঁ মাত্ৰ ৬টা বলতহে বেটিং কৰাৰ সুযোগ পাইছে।
অৱশ্যে এই তিনিও তাৰকা সাম্প্ৰতিক সময়ত ভাৰতীয় বলিং লাইন আপৰ প্ৰধান শক্তি। অষ্ট্ৰেলিয়াৰ বিপক্ষেও তেওঁলোকৰ প্ৰদৰ্শন হ’ব লক্ষণীয়।
পঢ়িবলৈ ক্লিক কৰক
ICUত থোৱা হৈছে শ্রেয়স আয়াৰক, আঁৰত এই কাৰণ...