2 Dec 2025
TV9 ASSAM
হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মহত্ব আছে। ই স্বাস্থ্যৰ লগতে ধাৰ্মিক দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তুলসীক পূজা কৰা হয়। কোৱা হয় তুলসীত লক্ষ্মীয়ে বাস কৰে।
যেতিয়া ঘৰলৈ দুৰ্দশা বা বেয়া দিন আহে তেতিয়া তুলসী গছে ইয়াৰ সংকেত দিয়ে। ধাৰ্মিক মান্যতা অনুসৰি মা লক্ষ্মী অসন্তুষ্ট হ'লে এইবোৰ সংকেত দেখা দিয়ে।
কোনো কাৰণ নোহোৱাকৈ তুলসী গছ শুকাই যোৱা বেয়া। ই অশুভ সংকেত। বাস্তু শাস্ত্ৰ মতে, তুলসী গছ শুকাই যোৱাতো আৰ্থিক সমস্যাৰ ইংগিত। এনে হ'লে ঘৰলৈ দৰিদ্ৰতাৰ আগমন হ'ব পাৰে।
বাস্তু শাস্ত্ৰ অনুসৰি, তুলসী গছ কলা পৰা বেয়া। যদি ঘৰত থকা তুলসী গছ হঠাতে ক'লা পৰে তেন্তে এয়া অশুভ সংকেত। ইয়াৰ অৰ্থ ঘৰলৈ দৰিদ্ৰতা আহিব পাৰে।
যদি তুলসী গছৰ পাত বাৰে বাৰে সৰে তেন্তে এয়া অশুভ সংকেত হ'ব পাৰে। ইয়াৰ ফলত ঘৰত নকৰাত্মক শক্তি বৃদ্ধি পায় আৰু টকা-পইচাৰ সমস্যা হয়।
যদি হঠাতে তুলসী গছ উভালি যায় তেন্তে এয়া অশুভ। ইয়াৰ অৰ্থ আপোনাৰ কিবা কাম অসম্পূৰ্ণ হ'ব পাৰে। লগতে ঘৰত আৰ্থিক সমস্যা আহিব পাৰে।
যদি তুলসী গছ শুকাই যায় তেন্তে নদী বা পুখুৰীত ইয়াক বিসৰ্জন দিব। পাছত নতুন তুলসী গছ ঘৰত ৰুব। তুলসী গছৰ ভালদৰে যত্ন লোৱা প্ৰয়োজন।
পঢ়িবলৈ ক্লিক কৰক