2 Dec 2025
TV9 ASSAM
আজিৰ সময়ত উচ্চ ৰক্তচাপ এক ডাঙৰ সমস্যা। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বহুতে এই সমস্যাত আক্ৰান্ত। ইয়াৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়।
ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰিবলৈ বজাৰত বিভিন্ন ধৰণৰ ঔষধ উপলব্ধ। কিন্তু আপুনি কিছুমান প্ৰাকৃতিক উপায়ৰ দ্বাৰা ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। অৱশ্যে অধিক সমস্যা হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত এক বিশেষ পানীয়ই সহায় কৰে। নিশা শুৱাৰ পূৰ্বে এয়া খাব পাৰে। কিন্তু মনত ৰখা দৰকাৰ যে, আপুনি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ এৰি নিদিব।
বীটৰ জুচত থকা নাইট্ৰেটছে শৰীৰত নাইট্ৰিক অক্সাইড বনায়। যাৰ ফলত সিৰাবোৰে আৰাম লাভ কৰে আৰু ৰক্তচাপ কম কৰে। প্ৰতিদিনে এয়া খাব পাৰে। অৱশ্যে বৃক্কৰ সমস্যা থাকিলে এয়া খাব নালাগে।
কেমোমাইল টিয়ে মানসিক চাপ কম কৰে। শৰীৰক আৰাম প্ৰদান কৰাৰ লগতে টোপনি ভাল কৰে। টোপনি ভাল হলে লাহে লাহে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত আহে। এই চাহ ৰাতি খাব পাৰে।
লো-ফেট গাখীৰে ব্লাড প্ৰেচাৰ কম কৰাত সহায় কৰে। গৱেষণাত পোৱা গৈছে যে, গাখীৰ খালে ব্লাড প্ৰেচাৰ প্ৰায় 10mmHG কম হয়। প্ৰতি নিশা এই গাখীৰ খাব পাৰে।
উল্লেখ্য যে,উচ্চ ৰক্তচাপ এক ডাঙৰ সমস্যা। ঘৰুৱা উপায়ে ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে। কিন্তু অধিক জানিবলৈ এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
পঢ়িবলৈ ক্লিক কৰক