তুলসী পানী খালে শৰীৰৰ কি কি লাভ হয়?

23  Dec 2025

TV9 ASSAM

তুলসী পাতত বহু উপকাৰী গুণ থাকে। ই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। যদি আপুনি প্ৰতিদিনে তুলসী পানী খাই তেন্তে বিশেষ ৫টা উপকাৰ লাভ কৰিব পাৰে।

তুলসী

তুলসীৰ পানীয়ে শৰীৰ আৰু মন শান্ত কৰি ৰাখে। গতিকে মানসিক চাপ কম কৰাৰ ফলত তুলসী পানী উপকাৰী। কম পৰিমাণে এই পানী খাব পাৰে।

মানসিক চাপ

তুলসীত এনে কিছুমান পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এক কথাত ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল কৰাত ই সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

ই আপোনাৰ শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। শৰীৰ বিষমুক্ত কৰাত ই সহায় কৰে। গতিকে শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাৰ ক্ষেত্ৰত তুলসীয়ে সহায় কৰে।

বেয়া

তুলসীৰ পানী খালে হজম শক্তি ভাল হয়। তুলসী পানী খালে গেছ, পেট ফুলা,পেটৰ লগত জড়িত বিভিন্ন সমস্যাৰ পৰা সকাহ পাব পাৰে।

হজম

তুলসী পানী খোৱাতো হাওঁফাওঁৰ বাবে ভাল। ই কাহ, হাপানী আৰু হাওঁফাওঁৰ লগত জড়িত বিভিন্ন সমস্যাৰ পৰা সকাহ প্ৰদান কৰাত সহায় কৰিব পাৰে।

হাওঁফাওঁ

তুলসীৰ পাত কেইটামান গৰম পানীত দি সেইখিনি লাহে লাহে উতলাব। পাছত অলপ ঠাণ্ডা কৰি খাব। পানীৰে আপুনি দিনটোৰ আৰম্ভণি কৰিব পাৰে। পুৱা বা সন্ধিয়াও খাব পাৰে।

কেতিয়া, কেনেকৈ খাব

পঢ়িবলৈ ক্লিক কৰক

মগজু দুৰ্বল কৰে এই খাদ্যই