এই খাদ্যই দুৰ্বল কৰিব পাৰে মগজু!

23 Dec 2025

TV9 ASSAM

আমি খোৱা প্ৰতিটো খাদ্যই আমাৰ শৰীৰত প্ৰভাৱ পেলায়। খাদ্যই আমাৰ মগজুৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। কিছুমান খাদ্য যদি ভাল কিছুমান বেয়া হ'ব পাৰে।

খাদ্য

স্বাস্থ্য বিশেষজ্ঞৰ মতে, মগজুৰ বাবে কিছুমান খাদ্য বেয়া। ইয়াৰ ফলত মগজু দুৰ্বল হ'ব পাৰে। এনে অৱস্থাত স্মৃতিশক্তি দুৰ্বল, কথা পাহৰি যোৱা আদি সমস্যা হ'ব পাৰে।

মগজু

চোডা, মিঠাই, মিঠা পানীয়ত থকা চেনিয়ে হিপ্পোকেম্পছৰ ক্ষতি কৰে। এই অংশই স্মৃতিশক্তি উন্নত কৰে। এই অংশ দুৰ্বল হলে স্মৃতি শক্তি দুৰ্বল হৈ পৰিব পাৰে।

মিঠা আৰু পানীয়

ফ্ৰেন্স ফ্ৰাইছ, চিপছ, বেছি তেলযুক্ত খাদ্যই মগজুৰ ক্ষতি কৰে। এই খাদ্য বনোৱাৰ সময়ত ওলোৱা এক্সিলাইমাইড নামৰ কেমিকেলে মগজুৰ কোষবোৰৰ ক্ষতি কৰিব পাৰে। যাৰ বাবে মগজু দুৰ্বল হ'ব পাৰে।

তেলযুক্ত খাদ্য

বগা ব্ৰেজ. কুকিজ, চিপছ আদিত ফাইবাৰ আৰু পুষ্টিকৰ উপাদান নাথাকে। ই হিপ্পোকেম্পছক ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত স্মৃতিশক্তি দুৰ্বল হৈ পৰিব পাৰে আৰু শিকাৰ ক্ষমতা কমিব পাৰে।

ৰিফাইণ্ড কাৰ্বহাইড্ৰেটছ

এস্পাট্ৰেম আৰু সুক্ৰালোজৰ দৰে আৰ্টিফিচিয়েল চুইটনৰ্ছে মগজুৰ কোষৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলতো মগজু দুৰ্বল হ'ব পাৰে আৰু স্মৃতিশক্তি হ্ৰাস পাব পাৰে।

আৰ্টিফিচিয়েল চুইটনৰ্ছ

ছলামী, হট ডগ, বিকেনৰ দৰে বস্তুত ছোডিয়াম আৰু প্ৰিজব্ৰেটিভ বেছি থাকে। ই মগজুত ফুলাৰ সৃষ্টি কৰিব পাৰে আৰু তেজৰ চলাচলক প্ৰভাৱিত কৰিব পাৰে। এনে অৱস্থাত স্মৃতিশক্তি দুৰ্বল হ'ব পাৰে। 

প্ৰচেচড মীট

পঢ়িবলৈ ক্লিক কৰক

চাণক্য নীতি