3 Dec 2025
TV9 ASSAM
কিছুমান মানুহে পুৱা খালী পেটত তুলসী পাত চোবায়। কিন্তু নিশা আপুনি পানীত তুলসী পাত তিয়াই থৈ সেই পানীখিনি পুৱা খালী পেটত খাব পাৰে। ইয়াৰ বহু উপকাৰিতা আছে।
তুলসী পাতত এন্টিঅক্সিডেন্টছ, এন্টিবেক্টেৰিয়েল, এন্টি ইম্ফলেমেটৰী আৰু এন্টি এডেপ্টোজেনিক গুণ থাকে। যি আমাৰ শৰীৰৰ সাধাৰণ ৰোগৰ পৰা বিভিন্ন সমস্যাৰ সম্ভাৱনা কম কৰাত সহায় কৰে।
তুলসীৰ পানীয়ে শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। তেনে ক্ষেত্ৰত শৰীৰ বিভিন্ন সংক্ৰমণৰ পৰা হাত সাৰিব পাৰে।
পুৱা খালী পেটত তুলসী পানী খাোৱা ব্লাড চুগাৰৰ বাবে ভাল। ইয়াৰ ফলত পেটত ফুলা কম হয় আৰু ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।
তুলসী পানী হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী। এই পানীয়ে চিন্তা কম কৰে আৰু মানসিক চাপ কমায়। গতিকে পুৱা খালী পেটত তুলসী খালে মগজু সুস্থ হৈ থাকে।
তুলসী ছালৰ বাবেও ভাল। পুৱা উঠি তুলসী পানী খালে ছালৰ উজ্বলতা বাঢ়ে। নিয়মিতভাৱে এয়া খালে ছাল ধুনীয়া হৈ পৰিব। ইয়াৰোপৰি ছালৰ সংক্ৰমণৰ সম্ভাৱনা কম কৰে।
শীতকালত তুলসী পানী খালে ডিঙিয়ে আৰাম লাভ কৰে। ইয়াৰোপৰি চৰ্দি-কাহ আদিৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। লগতে তুলসী পানীয়ে হজম শক্তি ভাল কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক