TV9 ASSAM
ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছিল শুভমন গিলে।
ইংলেণ্ড ভ্ৰমণ আছিল অধিনায়ক হিচাপে তেওঁৰ প্ৰথমটো শৃংখলা। পাঁচখনীয়া মেচৰ শৃংখলাটো ২-২ ব্যৱধানত ড্ৰ হৈছিল।
ইয়াৰ পিছতে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে চলিত শৃংখলাত গিলে দ্বিতীয়বাৰৰ বাবে দলক নেতৃত্ব দিছে। ইতিমধ্যে প্ৰথমখন মেচত জয়ী হৈছে ভাৰত।
আজিৰ পৰা শৃংখলাৰ দ্বিতীয়খন টেষ্ট আৰম্ভ হৈছে। এই মেচখনত টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰিছে।
এইদৰে অধিনায়ক হিচাপে ৭খন মেচত প্ৰথমবাৰলৈ টছত জয়ী হৈছে শুভমন গিল। মেচৰ ফলাফলতো ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব পাৰে।
টছত জয়ী হোৱাৰ পিছতে প্ৰশিক্ষক গৌতম গম্ভীৰকে ধৰি ভাৰতীয় শিবিৰৰ সকলোৱে হাঁহিমুখে গিলৰ এই প্ৰথম সফলতাক উদযাপন কৰা দেখা যায়।
পঢ়িবলৈ ক্লিক কৰক
এনে কামেৰে সকলোৰে হৃদয় জিনিছে ৰিয়ানে