শীতকালৰ এই ৫ বিধ শাক-পাচলিয়ে ইউৰিক এচিড বৃদ্ধি কৰিব পাৰে

December 6, 2025

TV9 ASSAM

গাঁঠিৰ বিষ, গোৰোহা বা গাঁঠি ফুলা -এই শাৰীৰিক সমস্যাবোৰ বহুতৰে বাবে নতুন নহয়। ইয়াৰ মূল কাৰণ হৈছে ইউৰিক এচিড। 

ইউৰিক এচিড

ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। এই সমস্যা হ'লে কি কি শাক-পাচলি খাব নালাগে জানোঁ আহক।

শাক-পাচলি

পালেং শাক স্বাস্থ্যৰ বাবে উপকাৰী যদিও ইয়াত থকা অত্যধিক পিউৰিনে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

পালেং শাক

ইউৰিক এচিড থাকিলে ভেন্দি কমকৈ খোৱা ভাল। ভেন্দি অক্সালেট থাকে, যিয়ে ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে বুলি কোৱা হয়। 

ভেন্দি

কাঠফুলা উপকাৰী যদিও ইয়াত যথেষ্ট পৰিমাণৰ পিউৰিন থাকে, যিয়ে তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

কাঠফুলা

এই শাকত থকা পিউৰিনে তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে। যদি আপোনাৰ এই সমস্যা আছে তেন্তে ব্ৰকলিৰ পৰা আঁতৰি থকা ভাল।

ব্ৰকলি

গ্ৰিন মটৰ হৈছে প্ৰটিন সমৃদ্ধ এবিধ পাচলি। কিন্তু ইউৰিক এচিড থকা ৰোগীয়ে এই পাচলিবিধৰ পৰা আঁতৰি থকাটো ভাল।

গ্ৰিন মটৰ

পঢ়িবলৈ ক্লিক কৰক

আদা দিয়া চাহ খালে কি হয় ?