এনে ঘৰুৱা উপায়ে সকাহ দিব দাঁতৰ শিৰশিৰণিৰ সমস্যাত

16 Aug 2025

TV9 ASSAM

ভিন্ন কাৰণত দাঁতৰ শিৰশিৰণিৰ সমস্যা হ’ব পাৰে। এই সমস্যা কিছুমান সহজ ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰি।

দাঁতৰ শিৰশিৰণি

কুহুমীয়া পানীত এচামুচ নিমখ দি দিনে ২-৩ বাৰ গাৰ্গল কৰিলে বেক্টেৰিয়া কমি যায় আৰু দাঁতৰ শিৰশিৰণি বা বিষৰ পৰা উপশম পায়।

নিমখ পানী

কেইটোপালমান লং তেল কপাহত লগাই দাঁতত লগালে তৎক্ষণাত সকাহ পোৱা যায়। লং তেলত প্ৰাকৃতিক বিষনাশক ঔষধি গুণ থাকে।

লং তেল

পুৱা খালী পেটত ২-৫ মিনিটৰ বাবে নাৰিকল তেল অলপ গাৰ্গল কৰিলে দাঁতৰ আলু মজবুত হয় আৰু সংবেদনশীলতা কমি যায়।

নাৰিকল তেল

হালধি, লঙৰ গুড়ি আৰু নাৰিকল তেল মিহলাই পেষ্ট বনাই দাঁতত লগালে বিষ আৰু প্ৰদাহ কম হয়।

হালধি-লং

দিনটোত এবাৰ ঠাণ্ডা গ্ৰীণ টিৰ জৰিয়তে গাৰ্গল কৰিলে এণ্টিঅক্সিডেণ্টে দাঁত আৰু আলু সুস্থ কৰি ৰাখে।

গ্ৰীণ টি

কঠিন ব্ৰাছ ব্যৱহাৰ নকৰিব। কোমল ব্ৰিষ্টল ব্ৰাছেৰে দাঁত লাহে লাহে ব্ৰাছ কৰক। ইয়াৰ ফলত ইনামেলৰ ক্ষতি হ্ৰাস পায়।

কোমল ব্ৰাছ

নেমু, আচাৰ, ঠাণ্ডা পানীয় আৰু অত্যধিক টেঙা খাদ্য কেইদিনমান পৰিহাৰ কৰাটো ভাল।

খাদ্যাভ্যাস

গৰম পানীত আধা চামুচ বেকিং ছ’ডা দি গাৰ্গল কৰিলে মুখত থকা এচিড কমি যায় আৰু দাঁতৰ সমস্যাত সকাহ পাব।

বেকিং ছ’ডা

এইসমূহ কিছু সাধাৰণ ঘৰুৱা পদ্ধতিহে। যদি দাঁতৰ বিষ বা শিৰশিৰণিৰ সমস্যা দীৰ্ঘদিন ধৰি থাকে, দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

নাৰিকল ভাঙি শুভ কাম আৰম্ভ কৰাৰ আঁৰৰ কাৰণ