দিনটোত অধিক আলু খায় যদি এনে সমস্যাৰ বাবেও হওক সাজু

27 Sep 2025

TV9 ASSAM

আমাৰ অধিকাংশ লোকৰে প্ৰিয় পাচলি আলু। সকলোৰে পাকঘৰত সততে উপলব্ধ এইবিধ পাচলি। খাদ্য তালিকাত ভিন্ন ধৰণে আলু ব্যৱহৃত হয়।

আলু

আলুত ভিটামিন বি ৬, চি, কেৰ লগতে ফাইবাৰ, ফছফৰাছ আইৰণ ইত্যাদি পুষ্টিকৰ উপাদানো পোৱা যায়। সেয়ে আলু দেহৰ বাবে উপকাৰী বিবেচিত হয়।

উপকাৰিতা

পুষ্টিকৰ হ’লেও পিছে আলুৰ অপকাৰিতাও নথকা নহয়। সাৱধান নহ’লে ইয়াৰ ফলত বিপদ বৃদ্ধি পাবও পাৰে। জানো আহক এই বিষয়ে।

সমস্যা

আলুৱে তেজত চেনি বৃদ্ধি কৰিব পাৰে, বিশেষকৈ খালী পেটত আৰু নিশা নোখোৱাই উচিত। ডায়েবেটিছ ৰোগীসকলকো আলু খোৱাৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ কোৱা হয়।

ডায়েবেটিছ

অধিক হাৰত আলু খালে এচিডিটি হ’ব পাৰে। লগতে পেটৰ আন বহু সমস্যাৰো সম্ভাৱনা থাকে। আলুৰ ৰেচিপিত পৰাপক্ষত তেল-মছলা কমকৈ ব্যৱহাৰ কৰা উচিত।

পাচনতন্ত্ৰ

আলুত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট থাকে। অধিক আলু খালে সেয়ে দেহত চৰ্বি বৃদ্ধি পায় আৰু ওজন বৃদ্ধিৰ সমস্যা হয়। এইদৰে আন ৰোগৰো সম্ভাৱনা বাঢ়ে।

ওজন বৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক 

বৰষুণৰ পানী পোনে পোনে খোৱা উচিত নে?