বৰষুণৰ পানী পোনে পোনে খোৱা উচিত নে? চাওক

26 Sep 2025

TV9 ASSAM

বৰষুণৰ পানী দেখাত পৰিষ্কাৰ যেন লাগে। সাধাৰণতে এই পানী পৰিষ্কাৰ বুলি বিশ্বাস কৰা হয়, পিছে ইয়াৰ সত্যতা কিমান জানো আহক।

বৰষুণৰ পানী

বাষ্পৰ পৰা প্ৰস্তুত কৰা হয় বাবে ডিষ্টিলড ৱাটাৰক পৰিষ্কাৰ পানী বুলি কোৱা হয়। এনে পানীৰ পৰা অশুদ্ধি নিষ্কাশিত কৰা হয়।

ডিষ্টিলড ৱাটাৰ

বৰষুণৰ পানীও ডিষ্টিলড ৱাটাৰৰ দৰে মাটিৰ পৰা বাষ্পীভূত হৈ ডাৱৰত জমা হয়। বৰষুণৰ পানী পৰিষ্কাৰ নহয় কিয়? এয়া এক বিশেষ প্ৰশ্ন।

প্ৰশ্ন

ডিষ্টিলড ৱাটাৰ মুকলি স্থানত প্ৰস্তুত নহয় বাবে এই পানী নিৰাপদ হয়। কিন্তু  ডাৱৰত কণা হিচাপে জমা হোৱা বৰষুণৰ পানী পৰিষ্কাৰ নহয়।

কিয় পৰিষ্কাৰ নহয়

বৰষুণ ৰূপত এই পানী ধূলি, SO2-NOxৰ দৰে গেছ আৰু বীজাণু কঢ়িয়াই লৈ উভতি আহে। এই কাৰণেই বৰষুণৰ পানী খোৱাটো নিৰাপদ নহয়।

অপৰিষ্কাৰ

বৰষুণৰ পানী দেখাত পৰিষ্কাৰ যেন লাগিলেও সেয়ে লগে লগে খাব নালাগে। কাৰণ পানীত থকা অশুদ্ধিসমূহ পৰীক্ষাৰ দ্বাৰাহে ধৰা পেলোৱা সম্ভৱ।

নিৰাপদ নহয়

বৰষুণত গা ধোৱাটোও উচিত নহয়, কাৰণ ইয়াত বায়ুমণ্ডলৰ  প্ৰদূষিত কণা থাকে। এইবোৰে শৰীৰৰ বহু অংশৰ ক্ষতি কৰিব পাৰে।

গা ধুব নালাগে

পঢ়িবলৈ ক্লিক কৰক 

এনে উপায়েৰে দূৰ হ’ব চকুৰ কাষৰ ক'লা দাগ