TV9 ASSAM
থাইৰয়ড হৈছে এটা গ্ৰন্থি, যি ডিঙিত থাকে। ই শৰীৰৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা হৰম'ন অৰ্থাৎ T3 আৰু T4 উৎপন্ন কৰে। আজিকালি বহুতে থাইৰয়ডৰ সমস্যাত ভোগে।
থাইৰয়ড হোৱাৰ বিভিন্ন কাৰণ হ'ব পাৰে। ইয়াৰ ভিতৰত আয়ডিনৰ অভাৱ, অটোইমিউন ডিজিজ, জিনেটিক কাৰণ, মানসিক চিন্তা, হৰম'নৰ পৰিবৰ্তন, গৰ্ভাৱস্থা আদি হ'ব পাৰে।
থাইৰয়ডৰ হোৱাৰ ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে এইসমূহ আওকান কৰিব নালাগে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে ব্যায়াম কৰিব লাগে।
ডাঃ সুভাষ গিৰীয়ে কয় যে, থাইৰয়ডৰ বাবে শৰীৰত হজম প্ৰক্ৰিয়া লেহেমীয়া হ'ব পাৰে। যাৰ ফলত ব্যক্তিয়ে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে।
থাইৰয়ডে ছাল আৰু চুলি সুস্থ কৰি ৰাখে। কিন্তু যেতিয়া ইয়াৰ অসন্তুলন হয় তেতিয়া চুলি সৰা বৃদ্ধি হয়। ইয়াৰোপৰি ছালত খজুৱতি, শুকান আদি সমস্যাৰ সৃষ্টি হয়।
থাইৰয়ডে মগজুত প্ৰভাৱিত কৰে। হৰম'নৰ অভাৱৰ ফলত ড'পামিনৰ দৰে নিউৰ'ট্ৰান্সমিটাৰৰ মাত্ৰা কমি যায়। যাৰ বাবে ডিপ্ৰেশ্যন হয়। এনে পৰিস্থিতি ব্যক্তি খিঙখিঙীয়া, আৱেগিক,খঙাল হ'ব পাৰে।
মহিলাসকলৰ থাইৰয়ডৰ হৰম'নে মাহেকীয়া নিয়ন্ত্ৰণ কৰা ৰিপ্ৰোডাক্টিভ হৰমনক প্ৰভাৱিত কৰে। ইয়াৰ বাবে মাহেকীয়াত তেজৰ পৰিমাণ কমি যায় বা মাহেকীয়া অনিয়মিত হয়।
পঢ়িবলৈ ক্লিক কৰক