চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণৰ উপায়, জানক...

10  Nov 2025

TV9 ASSAM

চুগাৰ লেভেল অৰ্থাৎ শৰীৰত থকা গ্লুকোজৰ মাত্ৰা। যেতিয়া গ্লুকোজৰ মাত্ৰা অধিক হৈ যায় তেতিয়া ইনছুলিন হৰমনে ভালদৰে কাম নকৰে আৰু ডায়েবেটিছৰ আশংকা বৃদ্ধি পায়।

চুগাৰ

কিন্তু কিছুমান খাদ্যৰ দ্বাৰা আপুনি চুগাৰৰ মাত্ৰা কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰে। অৱশ্যে সমস্যা অধিক হ'লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল। এই সন্দৰ্ভত সবিশেষ জনাইছে ডাঃ সুভাষ গিৰীয়ে।

খাদ্য

 তিতা কেৰেলাত চাৰেন্টিন আৰু পলিপেপটাইড-p ৰ দৰে উপাদান থাকে। যিয়ে ব্লাড চুগাৰ কম কৰাত সহায় কৰে। ই শৰীৰত ইনছুলিনৰ দৰে ক্ৰিয়া কৰে। ডায়েবেটিছ ৰোগৰী বাবে ই ভাল।

তিতা কেৰেলা

মেথি শাকত ফাইবাৰ আৰু হেলেক্টোমেনন থাকে, যি চুগাৰৰ শোষণ লেহেমীয়া কৰে। ইয়াৰ ফলত তেজত চুগাৰৰ মাত্ৰা হঠাতে বৃদ্ধি নাপায়। যাৰ বাবে চুগাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই ভাল।

মেথি শাক

পানিলাউত ফাইবাৰ আৰু পানীৰ মাত্ৰা অধিক থাকে। যিয়ে শৰীৰক হাইড্ৰেট ৰাখে। লগতে ই গ্লুকোজ লেভেল নিয়ন্ত্ৰণ কৰে। ইয়াৰ জুচ বা সব্জী পৰ্যাপ্ত পৰিমাণে খাব পাৰে।

পানি লাউ

পালেং শাকত মেগনেচিয়াম আৰু আয়ৰণৰ দৰে মিনাৰেল্স খাকে। যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই কম কেলৰী আৰু ডায়েবেটিছ ডায়েটৰ বাবে ভাল খাদ্য।

পালেং

পটলত ভিটামিন চি, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টছ গুণ থাকে। যি চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।  ই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

পটল

পঢ়িবলৈ ক্লিক কৰক 

উপহাৰ দিব নালাগে এই সামগ্ৰী