কোনে ৰুদ্ৰাক্ষ পিন্ধিব নালাগে, জানক সবিশেষ 

1 December, 2024 

TV9 ASSAM

হিন্দু ধৰ্মত ৰুদ্ৰাক্ষৰ বিশেষ মহত্ব আছে। ইয়াক ভগৱান শিৱৰ প্ৰতীক বুলি গন্য কৰা হয়।  মান্য়তা অনুসৰি ভগৱান শিৱৰ চকুপানীৰ পৰা ৰুদ্ৰাক্ষৰ উৎপত্তি হৈছিল।

ৰুদ্ৰাক্ষ

ৰুদ্ৰাক্ষ ভগৱান শিৱৰ বহুত প্ৰিয়। ইয়াক আলৌকিক বুলি কোৱা হয়।  মান্যতা অনুসৰি নিয়ম অনুসৰি ৰুদ্ৰাক্ষ পৰিধান কৰিলে সেই ব্যক্তিয়ে সদায় ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰে।

শিৱ আৰু ৰুদ্ৰাক্ষ

শিৱৰ ভক্তসকলে সাধাৰণতে ৰুদ্ৰাক্ষ পৰিধান কৰে। এয়া পৰিধান কৰিলে বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱা যায় আৰু গ্ৰহ দোষ দূৰ হয়।  স্বাস্থ্যৰ বাবেও ৰুদ্ৰাক্ষক উপকাৰি বুলি কোৱা হয়।

উপকাৰ

জ্য়োতিষ শাস্ত্ৰ অনুসৰি ৰুদ্ৰাক্ষ পৰিধান কৰিলে বহু উপকাৰ পোৱা যায়। ইয়াৰ বিপৰীতে কিছুমান মানুহে ভুলতো ৰুদ্ৰাক্ষ পৰিধান কৰিব নালাগে। নহ'লে বহু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

অপকাৰ

ধাৰ্মিক মান্যতা অনুসৰি গৰ্ভৱতী মহিলাই ৰুদ্ৰাক্ষ পৰিধান কৰিব নালাগে। ইয়াৰোপৰি কোনো মহিলাই যদি ৰুদ্ৰাক্ষ পৰিধান কৰে তেন্তে সন্তান জন্ম দিয়াৰ পাছত সুতক কালত ইয়াক খুলি থ'ব লাগে।

গৰ্ভৱতী

যিসকললোকে মাংস খাই সেইসকলে ৰুদ্ৰাক্ষ পৰিধান কৰিব নালাগে। মান্যতা অনুসৰি ৰুদ্ৰাক্ষ পিন্ধি মাংস খালে ৰুদ্ৰাক্ষ অশুদ্ধ হৈ পৰে। যাৰ বাবে ভৱিষ্যতে ব্যক্তিৰ সমস্যা হ'ব পাৰে।

মাংসভোজী

ৰুদ্ৰাক্ষ কেতিয়াও ক'লা ৰঙৰ ৰচীত লৈ পৰিধান কৰিব নালাগে।  ৰঙা বা হালধীয়া ৰঙৰ ৰচীত ইয়াক পিন্ধিব লাগে। লেতেৰা হাতেৰে ইয়াক চুব নালাগে আৰু গা ধুৱাৰ পাছত পৰিধান কৰিব লাগে।

নিয়ম

ৰুদ্ৰাক্ষ পৰিধান কৰাৰ সময়ত শিৱজীৰ মন্ত্ৰ ওঁম নমঃ শিৱায় ৰ উচ্চাৰণ কৰিব লাগে। নিজে পৰিধান কৰা ৰুদ্ৰাক্ষ আনক দিব নালাগে। শুৱাৰ সময়ত ইয়াক খুলি থোৱা দৰকাৰ।

প্ৰয়োজনীয়

পঢ়িবলৈ ক্লিক কৰক 

মুখত এইদৰে ব্যৱহাৰ কৰক ঘিউ