12 Nov 2025
TV9 ASSAM
কলেষ্টেৰল এক প্ৰকাৰৰ চৰ্বি। যি প্ৰাকৃতিক ৰূপত শৰীৰত প্ৰস্তুত হয়। ই পেশী মেৰামতি আৰু হৰম'নৰ ভাৰসাম্যতা বজাই ৰাখে। কিন্তু ইয়াৰ পৰিমাণ বৃদ্ধি পালে হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে।
বেয়া খাদ্য, জীৱনশৈলী, শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ ফলত শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পায়। কিন্তু কিছুমান শাক-পাচলিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে।
ভেণ্ডীত ছালুইবল ফাইবাৰ থাকে। যি বেয়া কলেষ্টেৰল কম কৰাত সহায় কৰে। ভেণ্ডীত থকা পেক্টিন কলেষ্টেৰলক বাহিৰ কৰাত সহায় কৰে। গতিকে ভেণ্ডী খাব পাৰে।
পালেং শাকত ভিটামিন কে আৰু ফলেট থাকে। যি তেজত গোট গঠন হোৱাত বাধা দিয়ে আৰু আৰ্টৰীজক ভালে ৰাখে। গতিকে পালেং খাব পাৰে।
ব্ৰকলিত ফাইবাৰ, ভিটামিন চি, এন্টিঅক্সিডেন্টছ আদি থাকে। যিয়ে কলেষ্টেৰলৰ পৰিমাণ কম কৰে। লগতে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।
বিলাহীত লাইকোপিন থাকে। যিয়ে কলেষ্টেৰলৰ অক্সিডাইজেশ্যনত বাধা দিয়ে। লগতে ই হৃদযন্ত্ৰৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে।
কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ নহৰু গাজৰ, বেঙেনা, বন্ধা কবি, ফল-মূল আদি খাব পাৰে। ইয়াৰোপৰি ব্যায়াম কৰা দৰকাৰ। অৱশ্যে আপোনাৰ অন্য কিবা ৰোগ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক