25 Dec 2025
TV9 ASSAM
পাইলছ বা অৰ্শৰোগ। ই মলদ্বাৰৰ ওচৰত থকা ৰক্তবাহী নলীবোৰ ফুলি উঠা এক সমস্যা। এনে অৱস্থাত শৌচ কৰাৰ সময়ত বিষ, জ্বলা-পোৰা, খজুৱতি, তেজ ওলোৱা আদি সমস্যাৰ সৃষ্টি হয়।
মানুহৰ অৰ্শৰোগ হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। কিন্তু আপোনাৰ দৈনন্দিন কিছুমান অভ্যাসে পাইলছৰ সমস্যা কৰিব পাৰে। গতিকে এই অভ্যাসসমূহ ত্যাগ কৰা দৰকাৰ।
বেছি ওজন উঠোৱা, কম ফাইবাৰ থকা খাদ্য খোৱা, বেছি গৰম আৰু মচলাযুক্ত খাদ্য খোৱা,মেদবহুলতা, দীৰ্ঘ সময় বহি থকা,শৌচ কৰাৰ সময়ত বেছি জোৰ দিয়াৰ ফলত পাইলছ বা কেঁচুমূৰীয়া হ'ব পাৰে।
পাইলচৰ চিকিৎসাত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফাইবাৰৰ মাত্ৰা, সেউজীয়া শাক-পাচলি কম খোৱা, ফল কমকৈ খোৱা, পানী কমকৈ খোৱাৰ ফলতো পাইলছ হ'ব পাৰে।
দীৰ্ঘদিন ধৰি কৌষ্ঠকাঠিন্যৰ সমস্যা হৈ থাকিলে ই পাছলৈ পাইলছৰ ৰূপ লব পাৰে। এনে অৱস্থাত তেলযুক্ত খাদ্য, মাংস আদিৰ পৰা দূৰত থাকিব লাগে। লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
অধিক পৰিমাণে কফি সেৱন কৰাও বেয়া। কফিয়ে শৌচ কৰাৰ প্ৰক্ৰিয়া লেহেমীয়া কৰে। ইয়াৰ ফলত পাইলছৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
শৌচ কৰাৰ সময়ত বা পাছত তেজ ওলোৱা, মলদ্বাৰাৰ কাষ ফুলা,শৌচদ্বাৰত খজুৱতি, জ্বলা-পোৰা, শৌচ কৰাত অস্বস্তি আদি লক্ষণ দীৰ্ঘদিন ধৰি দেখা দিয়ে বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।
পঢ়িবলৈ ক্লিক কৰক