24 Dec 2025
TV9 ASSAM
আজিকালি প্ৰায় মানুহে ডায়েবেটিছৰ সমস্যা থকা দেখা যায়। শীতকালত খাদ্যভাস,জীৱনশৈলী আদিৰ পৰিৱৰ্তন হয়। গতিকে এনে অৱস্থাত চুগাৰৰ মাত্ৰা আৰু বৃদ্ধি পোৱা দেখা যায়।
শীতকালত মানুহে বিভিন্ন ধৰণৰ খাদ্য খায়। কিন্তু আপোনাৰ যদি ডায়েবেটিছৰ সমস্যা আছে তেন্তে কিছুমান খাদ্য খোৱাৰ পৰা বিৰত থাকিব পাৰে। এই খাদ্য চুগাৰ বৃদ্ধি কৰিব পাৰে।
আলুত গ্লাইছেমিক ইনডেক্স অধিক পৰিমাণত থাকে। ইয়াৰোপৰি ষ্টাৰ্ছ পোৱা যায়। যিয়ে ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে। ইয়াৰ সলনি মিঠা আলু সীমিত পৰিমাণে খাব পাৰে।
সেউজীয়া মটৰত কাৰ্বহাইড্ৰেট আৰু ছাৰ্কৰা থাকে। যিয়ে ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে। গতিকে চুগাৰ থাকিলে মটৰ কমকৈ খাব লাগে বা পৰিহাৰ কৰা ভাল।
শীতকালত বীট সহজে পোৱা যায়। বীটত প্ৰাকৃতিক ছাৰ্কৰা থাকে। যিয়ে ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে এয়া কমকৈ খাব লাগে।
গাজৰত গ্লাইছেমিক ইনডেক্স থাকে। গতিকে অধিক পৰিমাণে কেঁচা গাজৰ খোৱাৰ ফলত ব্লাড চুগাৰ বৃদ্ধি পাব পাৰে। গতিকে শীতকালত গাজৰ খোৱাৰ পৰা বিৰত থাকিব লাগে।
ইয়াৰোপৰি মাকৈ,চেনিযুক্ত খাদ্য, বেছি মিঠা, মিঠা পানীয়, ৰঙালাউ, বীন আদি খাব নালাগে। অৱশ্যে এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক