25 Dec 2025
TV9 ASSAM
আজিৰ সময়ত ব্লাড প্ৰেচাৰ বৃদ্ধি হোৱা এক ডাঙৰ সমস্যা। শীতকালত মানুহৰ জীৱনশৈলী, খাদ্যভাস আদিৰ পৰিৱৰ্তন হয়। এনেবোৰ কাৰণত শীতকালত উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পায়।
ব্লাড প্ৰেচাৰ বৃদ্ধি হোৱাত কিছুমান খাদ্যই অৰিহনা যোগায়। গতিকে শীতকালত উচ্চ ৰক্তচাপ ৰোগীয়ে কিছুমান বস্তু এৰাই চলিব লাগে।
নিমখ ব্লাড প্ৰেচাৰৰ বাবে বেয়া। গতিকে শীতকালত আচাৰ, নিমখীয়া খাদ্য,চিপচ আদি খাব নালাগে। ইয়াত ছোডিয়াম অধিক পৰিমাণে থাকে। এনেবোৰ খাদ্যই শৰীৰৰত ব্লাড চুগাৰ বৃদ্ধি কৰে।
শীতকালত বেছিকৈ ফাষ্টফুড খাব নালাগে। বেছি তেল,মচলাযুক্ত খাদ্যত ট্ৰান্স ফেটে বেয়া কলেষ্টেৰলৰ ধমনীত প্লাক জমা কৰি তেজৰ চলাচলত বাধা দিয়ে। এইবোৰে ব্লাড প্ৰেচাৰ বৃদ্ধি কৰে।
ৰেড মীট, মাখন,মলাই আদিয়ে ব্লাড প্ৰেচাৰ বৃদ্ধি কৰিব পাৰে। ইয়াৰোপৰি ই হৃদস্পন্দন বৃদ্ধি কৰে। ব্লাড প্ৰেচাৰৰ ৰোগীসকলে এনে খাদ্যৰ পৰা দূৰত থাকিব লাগে।
ঠাণ্ডাত মানুহে বেছি চাহ,কফি খায়। কিন্তু এইবোৰে ব্লাড প্ৰেচাৰ বৃদ্ধি কৰিব পাৰে। গতিকে হাই ব্লাড প্ৰেচাৰ থকা ৰোগীসকলে দিনটোত ১-২ কাপতকৈ বেছি চাহ-কফি খাব নালাগে।
ইয়াৰোপৰি সুৰা, মিঠা খাদ্য,মিঠা পানী, চোয়া চচ,প্ৰচেচড ফুড, ভজা বস্তু আদিয়ে ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লব পাৰে।
পঢ়িবলৈ ক্লিক কৰক