এই ৫ খাদ্যই নষ্ট কৰিব পাৰে আপোনাৰ বৃক্ক!

19  Nov 2025

TV9 ASSAM

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাৰ লগতে আন বহু কাম কৰে। কিন্তু আজিকালি বৃক্কৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়।

বৃক্ক

কিন্তু কিছুমান খাদ্যই বৃক্কৰ সমস্যা সৃষ্টি কৰাত অৰিহনা যোগায়। প্ৰচেচড ফুড, পেকেটৰ খাদ্যৰ লগতে বহু খাদ্য, জীৱনশৈলী আদিয়ে মানুহৰ বৃক্কৰ ক্ষতিসাধন কৰিব পাৰে।

খাদ্য

বেছি নিমখ থকা খাদ্য খাব নালাগে। বহু নিমখ থকা খাদ্য খালে বৃক্ক প্ৰভাৱিত হয়। এনে অৱস্থাত বৃক্কই কাম কৰাত অসুবিধা পাই আৰু লাহে লাহে নষ্ট হ'বলৈ আৰম্ভ কৰে।

নিমখ

বেছি প্ৰটিন থকা খাদ্য, ৰেড মীট আদি খাব নালাগে। এইবোৰে বেছি খালে বৃক্ক প্ৰভাৱিত হয়। যিসকল লোকৰ বক্ক আগৰ পৰাই দুৰ্বল সেইসকলৰ বাবে এইবোৰ অত্যন্ত বেয়া।

ৰেডমীট, প্ৰটিন

বেছি চেনি থকা মিঠা পানীয় খোৱা বেয়া। পেকেটত থকা এনে পানীয়ই মেদবহুলতা আৰু ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে। যি পাছলৈ বৃক্কৰ সমস্যাৰ কাৰণ  হৈ পৰে।

মিঠা পানীয়

বহুত বেছি সুৰাপান কৰা শৰীৰৰ বাবে বেয়া। এনে অৱস্থাত শৰীৰত পানীৰ অভাৱ হয় আৰু ব্লাড প্ৰেচাৰ বৃদ্ধি হয়। ইয়াৰ ফলত লাহে লাহে বৃক্কৰ ক্ষতি হ'বলৈ আৰম্ভ কৰে।

সুৰাপান

কিছুমান ঔষধ যেনে বিষৰ দৰৱ আদিয়ে বৃক্কৰ অনিষ্ট সাধন কৰিব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ বিষৰ বা অন্য দৰৱ সেৱন কৰিব নালাগে।

ঔষধ

পঢ়িবলৈ ক্লিক কৰক 

ছালত খজুৱতিৰ কাৰণ