যকৃত সুস্থ ৰাখিবলৈ কি কি খাব লাগে?

12 Jan 2026

TV9 ASSAM

শীতকালত পাচনতন্ত্ৰ লেহেমীয়া হয়। ইফালে তেল-মচলাযুক্ত খাদ্য খোৱাৰ অভ্যাস বাঢ়ি যায়। এনে অৱস্থাত যকৃতত হেঁচা পৰে। যাৰ বাবে  শীতকালত যকৃতৰ যত্ন লোৱা গুৰুত্বপূৰ্ণ।

যকৃত

খাদ্যই আমাৰ শৰীৰ ভালে ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শীতকালত কিছুমান খাদ্যই আমাৰ যকৃত সুস্থ কৰি ৰখাত সহায় কৰে। অৱশ্যে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

খাদ্য

ডাঃ সুভাষ গিৰীয়ে কয় যে,পালেং, মেথি, সৰিয়হ আদি যকৃতৰ বাবে ভাল। ইয়াত থকা ফাইবাৰ আৰু পুষ্টিকৰ উপাদানে লিভাৰ ভালে ৰাখে। ই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

শাক-পাচলি

গাজৰ আৰু বীটে লিভাৰ সুস্থ কৰাত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে লিভাৰৰ কাৰ্যক্ষমতা ভাল কৰে আৰু চৰ্বি জমা হোৱাত বাধা দিয়ে। ই লিভাৰ ভালে ৰাখে।

গাজৰ, বীট

আমলখিত ভিটামিন চি থাকে। ই লিভাৰ ভালে ৰখাত সহায় কৰে।  আমলখিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ইয়াৰোপৰি আমলখিৰ আৰু বহু উপকাৰী গুণ আছে।

আমলখি

নহৰু আৰু হালধিত এন্টি ইমফলমেটৰি গুণ থাকে।  ই লিভাৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। অন্য সমস্যা নাথাকিলে নহৰু আৰু হালধি খাব পাৰে।

নহৰু, হালধি

শীতকালত বহুতে কম পানী খায়। কিন্তু পানী খাব লাগে। ই পাচন প্ৰক্ৰিয়া ভাল কৰে। লিভাৰত হেঁচা কম কৰে আৰু বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

পানী

পঢ়িবলৈ ক্লিক কৰক

গেছৰ সমস্যাৰ কাৰণ