পুৱাৰ সময়ত কি  কাৰণে গেছ হয়?

11 Jan 2026

TV9 ASSAM

আজিকালি প্ৰায়ভাগ মানুহৰে গেছৰ সমস্যা হোৱা দেখা যায়। ই মানুহক বহু অশান্তি দিয়ে। দীৰ্ঘদিন আৰু বেছি গেছৰ সমস্যা হৈ থাকিলে ই অন্য ৰোগৰ সৃষ্টিও কৰিব পাৰে।

গেছৰ সমস্যা 

বহু মানুহৰ পুৱাৰ সময়ত গেছ হোৱা দেখা যায়। পুৱা সাৰ পোৱাৰ পাছতে গেছ হোৱাৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে। এই সন্দৰ্ভত জনা দৰকাৰ।

পুৱা গেছ

যদি নিশাৰ আহাৰ ভালদৰে হজম নহয় তেতিয়া পুৱা গেছৰ সমস্যা হ'ব পাৰে। গতিকে খাদ্য গ্ৰহণ কৰিয়েই শুব নালাগে। শুৱাৰ প্ৰায় আধা ঘন্টা, ৪০ মিনিট আগত খাদ্য খাব লাগে।

হজম

যিসকল লোকৰ পাচনতন্ত্ৰ দুৰ্বল তেনে লোকৰ পুৱা গেছ হ'ব পাৰে। ইয়াৰোপৰি ই লেহেমীয়া বিপাকীয় ক্ৰিয়াৰ লক্ষণ হ'ব পাৰে।

পাচনতন্ত্ৰ

পুৱা গেছৰ লগতে জ্বলা পোৱাৰ হোৱাতো এচিডিটি বৃদ্ধি হোৱা বা খালী পেট এচিড উৎপাদন হোৱাৰ লক্ষণ হ'ব পাৰে। ইয়াৰোপৰি খাদ্য অনিয়মিত ভাৱে খালেও গেছ হ'ব পাৰে।

আৰু কি

যদি দীৰ্ঘদিন ধৰি পুৱা গেছৰ সমস্যা হৈ থাকে তেন্তে ই কৌষ্ঠকাঠিন্য বা অন্ত্ৰই ভালদৰে কাম নকৰে, চাফ নকৰা বা অন্ত্ৰৰ কোনো সমস্যাৰ লক্ষণ হ'ব পাৰে।

কোষ্ঠকাঠিন্য

মানসিক চাপৰ বাবেও গেছ হ'ব পাৰে। ইয়াৰোপৰি কেতিয়াবা ই লিভাৰৰ সমস্যাৰ ইংগিত হয়। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

মানসিক চাপ

পঢ়িবলৈ ক্লিক কৰক 

কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ