6 Jan 2026
TV9 ASSAM
আজিকালি বৃক্কৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। বৃক্কই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাৰ লগতে বিভিন্ন কাম কৰে। গতিকে বৃক্কৰ যত্ন লোৱা প্ৰয়োজন।
বৃক্ক সুস্থ ৰখাত বা শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাত কিছুমান খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশ্যে এই ক্ষেত্ৰত অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।
বৃক্ক সুস্থ ৰখাত সেউজীয়া শাক-পাচলিয়ে সহায় কৰে। লো পটেছিয়াম খাদ্যত ফাইবাৰ,ভিটামিন আৰু মিনাৰেলছ থাকে যিয়ে বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।
ফেটি ফিচ বৃক্কৰ বাবে ভাল। ইয়াত অমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে। যিয়ে ফুলা আৰু ব্লাড ফেট কম কৰাত সহায় কৰে। এনে অৱস্থাত হৃদযন্ত্ৰ আৰু বৃক্ক সুস্থ হৈ থাকে।
নহৰুত এন্টিঅক্সিডেন্ট আৰু এন্টিইমফলমেটৰি গুণ থাকে। যি কিডনীৰ বাবে ভাল। গতিকে আপোনাৰ কোনো বিশেষ সমস্যা নাথাকিলে নহৰু খাব পাৰে।
ৰঙা চিমলা মিৰ্চত পটেছিয়াম কম আৰু ভিটামিন এ, চি, বি৬, ফলিক এচিড আদি থাকে। যিয়ে বৃক্ক সুস্থ ৰখাত বহু পৰিমাণে সহায় কৰে।
ব্লু বেৰী, ষ্ট্ৰবেৰী, ক্ৰেনবেৰী, ৰঙা আঙুৰ, চেৰী আদিত ফাইবাৰ আৰু ভিটামিন চি আদি থাকে। যি বৃক্কৰ বাবে ভাল। ই বৃক্ক সুস্থ ৰখাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক