TV9 ASSAM
Photos Credit: Getty Images
অসমীয়া সমাজত প্ৰায় সংখ্যক লোকৰে চাহ খোৱাৰ অভ্যাস আছে । বহু লোকে দিনটোত দুকাপ বা তাতকৈ অধিক বাৰ চাহ খায় ।
চাহৰ সৈতে দৈনন্দিন জীৱনৰ এক সুকীয়া সম্পৰ্ক আছে । ৰসাল আড্ডাৰ পৰা অফিচৰ কাম সম্পাদন কৰালৈকে একাপ চাহৰ গুৰুত্ব সকলোৱে বুজি পায় ।
বহুলোকৰ ৰাতিপুৱা সাৰ পোৱাৰ পাছতে চাহ খোৱাৰ অভ্যাস আছে । ৰাতিপুৱাৰ চাহ কাপ নোখোৱাকৈ দিনটোৰ কাম আৰম্ভ নকৰে বহুতে ।
পিছে চাহ খোৱাৰ উচিত সময় কেতিয়া ? কোন সময়ত চাহ খালে স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ।
ৰাতিপুৱা শুই উঠাৰ পাছতে খালী পেটত চাহ খোৱাৰ অভ্যাস পৰিহাৰ কৰিব লাগে । কিয়নো ই স্বাস্থ্যৰ অপকাৰ কৰিব পাৰে ।
ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ ১৫ ৰ পৰা ২০ মিনিটৰ পাছত চাহ খাব লাগে । এয়া চাহ খোৱাৰ উপযুক্ত সময় ।
সঠিক সময়ত চাহ খালে পাচনতন্ত্ৰৰ সমস্যাৰ দূৰ কৰাৰ লগতে কোষ্ঠকাঠিন্য সমস্যা ৰোধ কৰিব পাৰি ।
পঢ়িবলৈ ক্লিক কৰক