পুৱাৰ ৫টা অভ্যাসে নষ্ট কৰি পেলাব পাৰে আপোনাৰ বৃক্ক!

28  OCT 2025

TV9 ASSAM

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। বৃক্কই আমাৰ শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। গতিকে বৃক্কৰ যত্ন লোৱা বিশেষ প্ৰয়োজন।

বৃক্ক 

কিন্তু কিছুমান অভ্যাসে বৃক্কৰ ক্ষতি কৰে। চেন্নাই AINU হাস্পাতালৰ চিকিৎসক ডাঃ ভেংকেত সুব্ৰমনিয়ামে পুৱাৰ ৫টা অভ্যাসৰ বিষয়ে কৈছে, যিয়ে বৃক্কৰ ক্ষতি কৰে। এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰিছে।

অভ্যাস

চিকিৎসকৰ মতে, নিশা শুৱাৰ পাছত শৰীৰ আৰু বৃক্ক ডিহাইড্ৰেশ্যন হয়। এনে অৱস্থাত পানীৰ প্ৰয়োজন হয়। গতিকে চাহ বা কফিৰ আগতে এগিলাচ কুহুমীয়া পানী খাব লাগে।

পানী নোখোৱা

চিকিৎসকৰ মতে, নিশা প্ৰস্ৰাৱ নকৰাৰ ফলত মুত্ৰাশয় ভৰ্তি হৈ যায়। যাৰ বাবে পুৱা প্ৰস্ৰাৱ কৰিব লাগে। যদি এই প্ৰস্ৰাৱ ৰখোৱা হয় তেন্তে বৃক্কৰ লগত জড়িত সমস্যা হ'ব পাৰে।

প্ৰস্ৰাৱ

বিষৰ টেবলেটে বৃক্কৰ ক্ষতি কৰে। বিশেষকৈ খালী পেটত বিষৰ ঔষধ নালাগে। ইয়াৰোপৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ কেতিয়াও বিষৰ ঔষধ খাব নালাগে।

বিষৰ দৰৱ

পুৱা ব্যায়াম কৰা ভাল কথা। কিন্তু শৰীৰক হাইড্ৰেট কৰাও প্ৰয়োজনীয়। যাৰ বাবে ব্যায়াম কৰাৰ পাছত পানী খাব লাগে। ই বৃক্কৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

ব্যায়াম 

পুৱাৰ খাদ্য আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি পুৱাৰ আহাৰ গ্ৰহণ নকৰে বা বেছি নিমখ থকা খাদ্য গ্ৰহণ কৰে তেন্তে ইয়াৰ প্ৰভাৱ বৃক্কত পৰিব পাৰে। সেয়ে পুৱা সুষম খাদ্য খাব লাগে।

ব্ৰেকফাষ্ট

পঢ়িবলৈ ক্লিক কৰক 

কণীৰ লগত নাখাব এই বস্তু