28 OCT 2025
TV9 ASSAM
কণী খোৱা সাধাৰণ কথা। কণীত প্ৰ'টিন পোৱা যায়। ফিটনেছৰ ক্ষেত্ৰত গুৰুত্ব দিয়া লোকসকলে বিশেষকৈ কণী খোৱা দেখা যায়। ইয়াৰ ফলত শৰীৰত বিকাশ বা বিভিন্ন দিশৰ পৰা উপকাৰ হয়।
কিন্তু কিছুমান বস্তুৰ সৈতে কণী একেলগে খাব নালাগে। ইয়াৰ ফলত বিভিন্ন সমস্যা হ'ব পাৰে। ই বিশেষকৈ মানুহৰ পাচন ক্ৰিয়াত প্ৰভাৱিত কৰিব পাৰে।
চোয়াত ট্ৰিপ্সিন ইন্হিবিটৰ নামৰ পদাৰ্থ থাকে। যিয়ে কণীত থকা প্ৰ'টিনক ব্লক কৰে। গতিকে চোয়া মিল্ক আৰু কণী একেলগে খালে গেছ, ফেট ফুলা আদি সমস্যা হ'ব পাৰে।
যেতিয়া কণীত চেনি মিহলি কৰা হয় তেতিয়া ই হ্লাইকেশ্যন প্ৰতিক্ৰিয়া কৰিব পাৰে। যিয়ে যকৃতত প্ৰভাৱ পেলায়। দীৰ্ঘদিন এয়া খালে বিপাকীয় ক্ৰিয়া লেহেমীয়া হ'ব পাৰে।
কণী খোৱাৰ লগে লগে চাহ খাব নালাগে। এনে কৰিলে আয়ৰণ আৰু প্ৰ'টিন শৰীৰে ঠিকমতে লাভ নকৰে। ইয়াৰ ফলত দুৰ্বল আৰু আয়ৰণৰ অভাৱ হোৱাৰ দৰে সমস্যা হ'ব পাৰে।
মাংস আৰু কণী একেলগে খোৱাৰ ফলত শৰীৰৰ হজম শক্তিত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত এচিডিটি, গেছ, পেটৰ বিষ আদি সমস্যা হ'ব পাৰে। লগতে কলেষ্টেৰল বৃদ্ধি পাব পাৰে।
কণী আৰু কল একেলগে খোৱা কিছুমানৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ইয়াৰ ফলত পেট ফুলা বা গেছৰ সমস্যা হ'ব পাৰে। দুয়োটাতে হাই প্ৰ'টিন আৰু ষ্টাৰ্চ থাকে। যিয়ে পাচন প্ৰক্ৰিয়াত প্ৰভাৱিত কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক