চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ খাওক এই খাদ্য!

14 Jan 2026

TV9 ASSAM

শীতকালত বিভিন্ন কাৰণত ব্লাড চুগাৰ বৃদ্ধি হোৱা দেখা যায়। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বিভিন্নজনে এই সমস্যাত আক্ৰান্ত হয়। কিন্তু চুগাৰ নিয়ন্ত্ৰণত ৰখা দৰকাৰ।

ব্লাড চুগাৰ

জীৱনশৈলী, খাদ্য আদিয়ে চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। এই লেখাত ৫ বিধ খাদ্য উল্লেখ কৰা হ'ল যিয়ে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।

খাদ্য

কেৰেলা শৰীৰৰ বাবে ভাল। ই চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াক সাধাৰণভাৱে বা জুচ বনাই খাব পাৰে। অৱশ্যে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

কেৰেলা

নিশা অলপ পানীত মেথি তিয়াই থব। পাছত পুৱা খালী পেটক সেয়া খাব। এই পানীখিনি উতলাই ঠাণ্ডা কৰি খাব। এনে কৰিলে চুগাৰ নিয়ন্ত্ৰণত থকাত সহায় হয়।

মেথি

শাক-পাচলিয়ে চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ ভিতৰত পালেং,ব্ৰকলি, চিমলা মিৰ্চ আদি খাব পাৰে। ফাইবাৰ আৰু ভিটামিন চি সমৃদ্ধ খাদ্যই চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

শাক-পাচলি

লো গ্লাইচেমিক খাদ্য খাব পাৰে। যেনে আপেল, কমলা, জামু আদি খাব পাৰে। ফলৰ ভিতৰত মিঠা কম থকা ফল-মূল খাব পাৰে। ই চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

ফল

ইয়াৰোপৰি দালিয়া, জাব্ৰা, অটছ, হালধি, আদা, দালচিনি আদিয়ে চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।

আৰু কি কি 

পঢ়িবলৈ ক্লিক কৰক 

ভিটামিন বি ১২ অভাৱ