TV9 ASSAM
বহুলোকৰ নিশা বাৰে বাৰে টোপনি ভাঙি যোৱাৰ সমস্যা আছে। ইয়াৰ আঁৰত থাকিব পাৰে কিছুমান ভুল অভ্যাস।
শোৱাৰ আগত মোবাইল লেপটপৰ স্ক্ৰীণ চাই থাকিলে মগজু সক্ৰিয় হৈ থাকে, যাৰ ফলত ভালদৰে টোপনি নাহে।
প্ৰতিদিনে বেলেগ বেলেগ সময়ত শুলে শৰীৰৰ স্বাভাৱিক 'শ্লিপ চাইকেল' বিচলিত হয়, ফলত টোপনি বিঘ্নিত হয়।
নিশা তেল-মচলাযুক্ত আহাৰ খালে হজমৰ সমস্যাই টোপনিত বাধাৰ সৃষ্টি কৰে। ফলত বাৰে বাৰে টোপনি ভাঙে।
শোৱাৰ আগত চাহ বা কফী খালে ইয়াত থকা কেফেইনে টোপনি পাতল কৰি পেলায়। এনে পৰিস্থিতিত টোপনি বেয়া হয়।
শোৱাৰ ঠিক আগে আগে গধুৰ ব্যায়াম কৰিলে শৰীৰ উত্তেজিত হৈ থাকে আৰু ইয়াৰ বাবে ভালদৰে টোপনি নাহে।
পঢ়িবলৈ ক্লিক কৰক
এই ফলকেইবিধে ওজন কমোৱাত কৰে সহায়!