এই ফলকেইবিধে আপোনাক ওজন কমোৱাত কৰিব সহায়!

15 Jan 2026

TV9 ASSAM

অমিতা হজম শক্তি বৃদ্ধিৰ বাবে পৰিচিত ফল। ই স্বাভাৱিকভাৱে মিঠা হ’লেও ইয়াত কেলৰিৰ মাত্ৰা যথেষ্ট কম থাকে।

অমিতা

মধুৰীআমত পুষ্টিকৰ উপাদান ভৰপূৰ হৈ থাকে। ইয়াত কলেষ্টেৰল শূন্য আৰু অন্যান্য ফলৰ তুলনাত চেনিৰ মাত্ৰাও যথেষ্ট কম।

মধুৰীআম

ওজন হ্ৰাসৰ চেষ্টাত তৰমুজ অতি উত্তম ফল। ইয়াৰ ৯০ শতাংশই পানী, যি দেহ হাইড্ৰেটেড কৰি ৰখাৰ লগতে ওজনো নিয়ন্ত্ৰণত ৰাখে।

তৰমুজ

আপেলত কেলৰি কম আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। ই ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু বহু সময়লৈ পেট ভৰাই ৰাখে।

আপেল

নাচপতি ফাইবাৰৰ এক অন্যতম উৎস। সেয়ে নাচপতি খালে সোনকালে ভোক নালাগে, ফলত অতিৰিক্ত খাদ্য গ্ৰহণৰ পৰা হাত সাৰিব পাৰি।

নাচপতি

ষ্ট্ৰ’বেৰী বা ব্লুবেৰীৰ দৰে ফলবোৰ এণ্টি-অক্সিডেণ্ট আৰু ফাইবাৰেৰে পৰিপূৰ্ণ। ই মিঠা খোৱাৰ ইচ্ছা কম কৰাত সহায় কৰে।

জামু

ভিটামিন C আৰু ফাইবাৰেৰে সমৃদ্ধ সুমথিৰাই আপোনাৰ বিপাকীয় ক্ৰিয়া উন্নত কৰে আৰু ওজন কমোৱাত সহায় কৰে।

সুমথিৰা

এই ফলবিধত কেলৰি কম কিন্তু পানী আৰু ফাইবাৰৰ পৰিমাণ বহুত বেছি, ই চৰ্বি বাৰ্ণ কৰাত সহায়ক বিবেচিত হয়।

গ্ৰেপফ্ৰুট

পঢ়িবলৈ ক্লিক কৰক 

মগু দাইল এইসকলৰ বাবে হ'ব পাৰে ক্ষতিকাৰক