ৰোহিতসহ এইকেইজন ভাৰতীয় আছে ICC ৰেংকিঙৰ শীৰ্ষত

30 Oct 2025

TV9 ASSAM

বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিছে ভাৰতীয় খেলুৱৈয়ে। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে আইচিচি ৰেংকিঙত দেখা গৈছে ভাৰতীয় খেলুৱৈৰ আধিপত্য।

আইচিচি ৰেংকিং

সদ্যঘোষিত আইচিচি ৰেংকিঙত মুঠ পাঁচগৰাকী ভাৰতীয় খেলুৱৈয়ে বিভিন্ন ফৰ্মেটত শীৰ্ষ  স্থান লাভ কৰিছে। চাওঁ আহক এই বিষয়ে।

ৰেংকিঙত শীৰ্ষ

এদিনীয়া ৰেংকিঙত সতীৰ্থ শুভমন গিল আৰু আফগানিস্তানৰ ইব্ৰাহিম জদ্ৰানক পিছ পেলাই ৰোহিত শৰ্মা শীৰ্ষস্থানৰ বেটাৰ হিচাপে পৰিগণিত হৈছে।

ৰোহিত শৰ্মা

বিস্ফোৰক বেটিঙেৰে প্ৰতিপক্ষৰ বলাৰক শলঠেকত পেলোৱা যুৱ ভাৰতীয় অপেনাৰ অভিষেক শৰ্মা টি-২০ ফৰ্মেটত  বেটিং ৰেংকিঙত শীৰ্ষস্থানত আছে।

অভিষেক শৰ্মা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ পিছত ধাৰাবাহিকতা দেখুওৱা মিষ্ট্ৰী স্পিনাৰ বৰুণ চক্ৰৱৰ্তী টি-২০ বলাৰ ৰেংকিঙত শীৰ্ষস্থানত আছে।

বৰুণ চক্ৰৱৰ্তী

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ যশপ্ৰীত বুমৰাহে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেট টেষ্টৰ বলাৰ ৰেংকিঙৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে।

যশপ্ৰীত বুমৰাহ

টেষ্ট ফৰ্মেটত ভাৰতীয় ক্ৰিকেটৰ অন্যতম শক্তি হিচাপে পৰিগণিত হৈছে ৰবীন্দ্ৰ জাদেজা। সম্প্ৰতি তেওঁ আছে টেষ্টৰ অলৰাউণ্ডাৰ ৰেংকিঙৰ শীৰ্ষস্থানত।

ৰবীন্দ্ৰ জাদেজা

পঢ়িবলৈ ক্লিক কৰক 

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ত ভাৰতৰ জয় নিশ্চিত!