TV9 ASSAM
ভিটামিন B 12 শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই শৰীৰৰ ৰক্তকণিকা নিৰ্মাণ কৰে, স্নায়ুৰ কাৰ্যক্ষমতা, ডি এন এ গঠনত সহায় কৰে। ইয়াৰ অভাৱ হ'লে শৰীৰ ভাগৰুৱা, দুৰ্বল হৈ পৰে। ইয়াৰ অভাৱ হ'লে কিছুমান লক্ষণে দেখা দিয়ে।
ডাঃ দীপক সুমনে কয় যে, ভিটামিন B 12 ৰ অভাৱত শৰীৰত অক্সিজেন প্ৰেৰণ কৰা ৰক্তকণিকা কমকৈ নিৰ্মাণ হয়। ইয়াৰ ফলত মাংসপেশী, মগজুয়ে শক্তি লাভ নকৰে। যাৰ বাবে ব্যক্তিয়ে সদায় ভাগৰুৱা অনুভৱ কৰে।
ভিটামিন B 12 অভাৱৰ ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। অনবৰতে ভাগৰুৱা অনুভৱ, দুৰ্বল, মূৰ ঘূৰোৱা, হাত-ভৰি টিংটিং কৰা, মনোযোগৰ অভাৱ, ছাল হালধীয়া হোৱা, উশাহত কষ্ট আদিৰ সমস্যা হয়।
নিৰামিষভোজী, বয়োজ্যেষ্ঠ ব্যক্তি, পাচন তন্ত্ৰৰ সমস্যা থকা, গৰ্ভৱতী মহিলা, ডায়েবেটিছ ৰোগী আদিৰ ক্ষেত্ৰত ভিটামিন B 12 ৰ অভাৱ হোৱাৰ আশংকা বেছি থাকে।
যদি আপোনাৰ এই লক্ষণবোৰে দেখা দিছে তেন্তে তেজ পৰীক্ষা কৰিব পাৰে। যদি ইয়াৰ স্তৰ 200 pg/ml তকৈ কম হয় তেন্তে আপোনাৰ ভিটামিন B 12 ৰ অভাৱ হৈছে।
যদি আপোনাৰ ইয়াৰ পৰিমাণ বেছিকৈ কমি গৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ। চিকিৎসকে বি১২ ৰ বেজী দিয়ে। ইয়াৰোপৰি টেবলেট বা পানীয় ঔষধ দিব পাৰে। লগতে বি১২ থকা খাদ্য খাব পাৰে।
গাখীৰ, গাখীৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰী, চিকেন, কণী, মাছ, পনীৰ, ফোৰ্টিফাইড ফল আদিত ভিটামিন বি ১২ থাকে। ইয়াৰ বিষয়ে অধিক জানিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক